গুৱাহাটী : মুখ্যমন্ত্রী তথা শ্ৰীমন্ত শংদের স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ আচার্য ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত দেওবাৰে জনতা ভৱনত বিশ্ববিদ্যালয়খনৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। পৰিষদৰ অন্যান্য সদস্যৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্রশাসনিক পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়।

সাধাৰণ পৰিষদশ এই বৈঠকত বিভিন্ন বিষয়ৰ সন্দৰ্ভত বিতং আলােচনাৰ পিছত উন্নত মানৰ শৈক্ষিক পৰিৱেশ গঢ়ি তােলা আৰু বিশ্ববিদ্যালয়খনত এক শক্তিশালী প্রশাসনিক ব্যৱস্থা অনাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বিশ্ববিদ্যালয়খনৰ কেতবােৰ সেবা ডিজিটেলকৰণ, তিনিটা পর্যায়ত ফেল শিপ কার্যসূচী প্রবর্তন অর্থাৎ জ্যেষ্ঠ ফেলশিপ (পিজি পর্যায়), ফেল”শ্বিপ (স্নাতক পর্যায়) আৰু বিশেষ ফেলশিপ (দন্ত, নাচিং ইত্যাদি পাঠ্যক্রম) প্রদানৰ বাবেও বৈঠকত সিদ্ধান্ত লােৱা হয়।

এই বৈঠকতে উৎকৃষ্ট আৰু গুণগত সেৱা সুনিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহ পৰিদৰ্শনৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তােলা, এই বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলাে চিকিৎসা মহাবিদ্যালয়ৰ বাবে অভিন্ন শৈক্ষিক ৰুটিনা আৰু শিক্ষার্থী তথা অনুষদৰ বাবে একক পৰিচয় নম্বৰ দিয়াৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম বিকাশৰ বাৰে দিয়া পৰামৰ্শও আলােচনা কৰা হয়।

বিশ্ববিদ্যালয়খনৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰাক বিষয়টোৰ সন্দৰ্ভত প্রয়ােজনীয় পদক্ষেপ লােৱাৰ বাবেও দায়িত্ব প্রদান কৰে। বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়খনৰ কার্যকলাপ সু-শৃংখল কৰাৰ বাবে স্থায়ী চৌহদৰ প্রয়ােজনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

লগতে পঢ়ক :  হাতত কোৰ ঝাড়ু লৈ মৰাণৰ ৰাজপথত মন্ত্ৰী যোগেন মহন

মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিত স্থায়ী চৌহল নির্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ভূমিত বিশ্ববিদ্যালয়ৰ সীমা বেৰৰ সৈতে প্রশাসনিক ভবন নির্মাণৰ প্ৰাৰম্ভিক প্রক্রিয়া সােনকালে সম্পূর্ণ কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচার্য আৰু লােকনির্মাণ বিভাগ স্বাস্থ্য আৰু শিক্ষা)ৰ মুখ্য অভিযন্তাক নির্দেশ দিয়ে। আগন্তুক ২ বছৰৰ ভিতৰত এই স্থায়ী চৌহদৰ পৰাই প্রশাসনিক আৰু মৌলিক শৈক্ষিক কার্যকলাপ আৰম্ভ কৰিব পৰা যায় তাৰ সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply