গোসাইগাঁও – শ্ৰীৰামপুৰত চাৰিখনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ। বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ট্ৰাক কেইখন আৰক্ষীক দেখা পাই পলায়ন কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে জব্দ কৰে ট্ৰাক কেইখন। আৰক্ষীয়ে ট্ৰাক কেইখনৰ লগতে আটক কৰে আঠজনকৈ গৰু সৰবৰাহকাৰীক।
মাঘ বিহুৰ দিনাই কোকৰাঝাৰ জিলাৰ অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দ কৰে চাৰিখনকৈ গৰু ভৰ্তি ট্ৰাক। বহিঃৰাজ্যৰ পৰা অসমত গৰু লৈ প্ৰৱেশ কৰা ট্ৰাক কেইখন জব্দ কৰে শিমুলটাপু আৰক্ষীয়ে। গৰু ভৰ্তি ট্ৰাক কেইখনৰ নম্বৰ হৈছে ক্ৰমে ইউপি-২১-চিএন-৩৭৫৬, এএছ-০১-এল চি-৬৭৭১, ইউপি-২১-বিএন-৯১৭১ আৰু এএছ-০১-এমচি-১৪৭৩।
আনহাতে আৰক্ষীয়ে গৰু ভৰ্তি ট্ৰাক কেইখনৰ লগত আটক কৰা আঠজন লোক হৈছে গোসাইগাঁৱৰ ভোমৰাবিলৰ আশ্ৰাফুল আলম, হাছেন আলী, বুঢ়ীচাটাম গাঁৱৰ আব্দুল খালেক, বৰপেটাৰ আৰিজ আলী, আব্দুল কৰিম, লুটফৰ হুছেইন, উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ ইমৰাণ খান আৰু আবৰাৰ হুছেইন। উল্লেখ্য যে একাংশ চোৰাং পশুধন সৰবৰাহকাৰীয়ে বহিঃৰাজ্যৰ পৰা প্ৰায় শ শ গৰু আনি বাংলাদেশলৈ চালনা দি আছে।