গোঁসাইগাঁও – অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰত জব্দ এক কোটি টকা মূল্যৰ মণিপুৰী ভাং। ট্ৰাকৰৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ভাংখিনি। আটক ট্ৰাকখনৰ চালক।

গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ মণিপুৰী ভাং জব্দ কৰিবলৈ সক্ষম হয়। শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই মণিপুৰী ভাংসহ এখন ট্ৰাক জব্দ কৰে।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ইউকে-০৬-চিবি-২২৫৩ নম্বৰৰ ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মণিপুৰী ভাং জব্দ কৰে। ভাং সৰবৰাহ কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনক আটক কৰে।

ধৃত ট্ৰাক চালকজন পাঞ্জাৱৰ লুধিয়ানাৰ জছৱিন্দৰ সিং বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে অসম-পশ্চিম বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লাহলিমছেঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা মণিপুৰী ভাংখিনি জব্দ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে ট্ৰাকখন পশ্চিম বংগৰ কলকাতা অভিমুখে গৈ থকা অৱস্থাত শ্ৰীৰামপুৰত আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ভাংখিনি জব্দ কৰে। ডিমাপুৰৰ পৰা ভাংখিনি অনা বুলি ধৃত ট্ৰাক চালকজনে আৰক্ষীক জানিবলৈ দিয়ে। জব্দ ভাংখিনিৰ মূল্য এক কোটি টকা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply