গুৱাহাটীঃ অসম আৰক্ষীয়ে সোমবাৰে শৰাইঘাট দলঙৰ সমীপত ৭৫০ গ্ৰাম সন্দেহযুক্ত হেৰোইন সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত, আৰক্ষীৰ তালাচীত এখন বাহনখনৰ পৰা উদ্ধাৰ হয় নিচাযুক্ত দ্ৰব্যখিনি।
জানিব পৰা মতে, লোককেইজনে নিচাযুক্ত দ্ৰব্যখিনি লৈ পশ্চিম বংগ অভিমুখে গৈ আছিল।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে কয়, “এক যুটীয়া অভিযানত @GuwahatiPol @KamrupPolice শৰাইঘাট দলঙৰ ওচৰত এখন চাৰিচকীয়া বাহনৰ ভিতৰত লুকুৱাই অনা ৭৫০ গ্ৰাম হেৰোইন জব্দ কৰিছে। ইতিমধ্যে তিনিজন লোকক আটক কৰা হৈছে। বাহনখন জব্দ কৰা হৈছে আৰু বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। “
উল্লেখ্য যে, আৰক্ষীয়ে দেওবাৰে নিশা গেমছ ভিলেজৰ সমীপত ২ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ধৃত লোককেইজন দুধনৈৰ মইদুল ইছলাম আৰু বশিষ্ঠ চাৰিআলিৰ জ্বালা যাদৱ। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ৪.৬৫ গ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়।
ইফালে, দেওবাৰে সন্ধিয়া কৰিমগঞ্জ আৰক্ষীয়ে বাজাৰিচাৰা অঞ্চলত এখন মাৰুতি এল্ট’ৰ পৰা ২১৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আন এটা অভিযানত, হাতীগাঁও আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে ছয়জনীয়া এটা প্ৰৱঞ্চকৰ দলক আটক কৰে।
আৰক্ষীয়ে দলটোৰ পৰা ৮৮ টা এটিএম কাৰ্ড, তিনিটা পিঅ’এছ মেচিন, চাৰিখন গাড়ী, ১০ টা ম’বাইল ফোন আৰু ১৫,০০০ টকা জব্দ কৰে।