গুৱাহাটী – প্ৰবাদপ্ৰতীম ক্ৰিকেটাৰ তথা ভাৰতৰ প্ৰথমগৰাকী বিশ্বকাপ জয়ী ক্ৰিকেট দলৰ অধিনায়ক কপিল দেৱক সংকটজনক অৱস্থাত কালি নিশা চিকিৎসালয়ত ভৰ্তি কৰা হৈছ।

অসুস্থ কপিল দেৱ। হাস্পতালত ভর্তি কৰা হৈছে প্রাক্তন ভাৰতীয় অলৰাউণ্ডাৰগৰাকীক। সূত্র অনুসৰি, কালি নিশা হঠাতে হৃদৰোগত আক্ৰান্ত হয় হয় প্রাক্তন বিশ্বকাপজয়ী ভাৰতীয় ক্রিকেট অধিনায়ক। এঞ্জিওপ্লাষ্টিৰ বাবে দিল্লী হাস্পতালত তেওঁক ভর্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। গতিকে হাস্পতালৰ তৰফৰ পৰা জনোৱা হৈছে যে এই মুহূর্তত সুস্তিৰ হৈছে প্রাক্তন ভাৰতীয় অধিনায়কৰ অৱস্থা।

বিগত কিছু বছৰ ধৰি ডায়েবেটিছজনিত সমস্যাত ভুগি আছিল প্রাক্তন ভাৰতীয় অধিনায়ক। ‘হাৰিয়ানাৰ হাৰিকেন’ নামেৰে খ্যাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ আৰোগ্য কামনা কৰিছে সমগ্ৰ বিশ্বৰ ক্ৰীড়ানুৰাগীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply