স্প’ৰ্টছ ডেস্ক – হতাশাগ্ৰস্ততাৰ চিকাৰ হৈছে ফুটবল তাৰকা ডিয়েগো মাৰাডোনা। কালি নিশা ৬০ বছৰীয়া জন্মদিন উদযাপনৰ পিছতেই হঠাৎ অসুস্থ হৈ পৰে খেলুৱৈগৰাকী। মাৰাডোনাক লা প্লেটাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।য
খেলুৱৈগৰাকীৰ এগৰাকী ব্যক্তিগত সহায়কে জনায় যে, “কিছুদিন ধৰি তেওঁ খুব দুখ মনেৰে আছিল আৰু ভালদৰে খোৱা – বোৱা কৰা নাছিল।’
উল্লেখ্য যে মাৰাডোনাই নিজৰ জন্মদিন পালন কৰাৰ লগতে একেটা দিনতে নিশা জিম্লেছিয়াৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত পেট্ৰনাটোৰ বিৰুদ্ধে হোৱা খেলখনটো প্ৰশিক্ষক হিচাপে উপস্থিত আছিল। মাৰাডোনাৰ দলে মেচখন ৩-০ত জয় লাভ কৰিছিল যদিও প্ৰথম হাফৰ সমাপ্তিৰ পিছতে তেওঁ ষ্টেডিয়াম এৰিছিল।
আৰু ইয়াৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্যক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল।
বৰ্তমান মাৰাডোনাৰ স্বাস্থ্যৰ অৱস্থা জটিল নহয় বুলিও জানিবলৈ দিয়ে তেওঁৰ ব্যক্তিগত চিকিৎসক লিঅ’পল্ড লুকে।