গুৱাহাটী– এতিয়াও স্বাস্থ্য়ৰ অৱস্থা জটিল হৈয়ে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। বুধবাৰৰ তুলনাত বৰ্তমান গগৈৰ স্বাস্থ্য কিছু উন্নত যদিও এতিয়াও তেওঁ বিপদমুক্ত নহয়।
এই সন্দৰ্ভত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ চিকিৎসকে জনাই যে ‘তেওঁ অলপ সুস্থিৰ হৈছে যদিওঁ ভালদৰে কথা ক’বলৈ পৰা নাই। আকাৰে-ইংগিতেৰেহে মনৰ ভাৱ ব্য়ক্ত কৰিছে।’
শ্বাস-প্ৰশ্বাস লোৱাত হোৱা কষ্টৰ বাবে ১নৱেম্বৰ নিশা ১০বাজি ৩০ মিনিটত মুখ্য়মন্ত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত।
উল্লেখ্য় যে কভিড-১৯ত সংক্ৰমিত হোৱা মুখ্য়মন্ত্ৰীগৰাকীক তিনিমাহ চিকিৎসাৰ অন্তত যোৱা ২৫ অক্টোবৰত ঘৰলৈ যাবলৈ দিয়া হৈছিল।
বৰ্তমান চিকিৎসকৰ দলে গগৈৰ স্বাস্থ্য সন্দৰ্ভত অহৰ্নিশে পৰ্যবেক্ষণ কৰি আছে।