হোজাই – সংখ্যালঘু এলেকাৰ বিদ্যালয়ৰ নামৰ পিছত ‘ডি’ শব্দ লগোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ৷ ডবকাত হোজাই জিলা আমছুৱে সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। সংখ্যালঘু লোকৰ ওপৰত চৰকাৰে ষড়যন্ত্ৰ চলোৱা অভিযোগ আমছুৰ।
অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে ‘ডি’ অৰ্থাত সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায়৷ এইবাৰ কিন্তু ভোটাৰ তালিকাত মানুহৰ নামৰ পিছত নহয় নতুনকৈ সংখ্যালঘু এলেকাৰ বহু বিদ্যালয়ৰ নামৰ পিছত ৰাজ্যচৰকাৰে এই ‘ডি’ অৰ্থাত সন্দেহজনক শব্দটো সংযোজন কৰিছে৷ এই অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ৷ এই সন্দৰ্ভত আমছুৰ হোজাই জিলা সমিতিয়ে বৃহস্পতিবাৰে ডবকাত এখন সংবাদমেল অনুষ্ঠিত কৰি সংখ্যালঘু লোকৰ ওপৰত চৰকাৰে ষড়যন্ত্ৰ চলোৱা বুলি অভিযোগ কৰে৷
আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোৱাৰ হুছেইনে অনুষ্ঠিত কৰা সংবাদমেলখনত কয় যে চৰকাৰে বৰ্তমানে সংখ্যালঘু দুখীয়া ছাত্ৰ-ছাত্ৰীক মাইনৰিটি প্ৰি-মেট্ৰিক জলপানী লাভৰ পৰা বঞ্চিত কৰিবলৈ নতুন পন্থা অৱলম্বন কৰিছে৷ সংখ্যালঘু প্ৰধান এলেকা সমূহত থকা বিদ্যালয় সমূহৰ ভিতৰত যি সমূহ বিদ্যালয়ৰ পৰা ১০০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে মাইনৰিটি প্ৰি-মেট্ৰিক জলপানী বাবে আবেদন কৰিছে সেইসমূহ বিদ্যালয় এতিয়া সন্দেহজনক বিদ্যালয়লৈ ৰূপান্তৰিত হৈছে বুলি কয় মনোৱাৰ হুছেইনে।
বৰ্তমানলৈকে হোজাই জিলাত ৬১ খন আৰু নগাঁও জিলাত ৩১৮ খন বিদ্যালয়ৰ নামৰ পিছত সন্দেহজনক শব্দটো লগাইছে বুলিও জানিবলৈ দিয়ে মনোৱাৰ হুছেইনে। এই সন্দেহজনক শব্দটোৱে এতিয়া সংখ্যালঘু ৰাইজৰ মাজত আংতকৰ সৃষ্টি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰি মনোৱাৰ হুছেইনে কয় এই বিদ্যালয় সমূহত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত কি হ’ব বুলি অভিভাৱক সকল চিন্তিত হৈ পৰিছে৷ তাৰোপৰি বৰ্তমান সময়ত সংখ্যালঘু ছাত্ৰবৃত্তি আবেদনৰ প্ৰক্ৰিয়াটো শিক্ষা বিভাগে জটিল কৰি দুখীয়া ছাত্ৰ-ছাত্ৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে মনোৱাৰ হুছেইনে।
চৰকাৰে অতি শীঘ্ৰে এই বৈশম্যমূলক আচৰন বন্ধ কৰিবলৈ সংবাদমেলযোগে চৰকাৰলৈ আহ্বান জনায় মনোৱাৰ হুছেইনে৷ ইফালে যোৱাবাৰ হোজাই জিলাত সংখ্যালঘু ছাত্ৰবৃত্তিত সংগঠিত হোৱা দুৰ্নীতি সন্দৰ্ভত হোজাই জিলা আৰক্ষী অধীক্ষকক লিখিত আকাৰে অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো সুফল পোৱা নগ’ল বুলিও মনোৱাৰ হুছেইনে অভিযোগ কৰিছে৷