গুৱাহাটী– সংখ্যালঘু ছাত্ৰবৃত্তিৰ ৫০১ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰিব চিবিআয়ে।বুধবাৰে এখন সংবাদমেলযোগে এই কথা সদৰী কৰিছে অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে।
অধ্যক্ষ গৰাকীয়ে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিক সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত ব’ৰ্ডে মোকলাই দিয়া ৫০১ কোটি ৪০ লাখ ৪ হেজাৰ টকা আত্মসাৎ হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ বাবে অনুৰোধ জনাইছিল। সেইমৰ্মে যোৱা ৮ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়টো তদন্তৰ দায়িত্ব চিবিআই’ক অৰ্পণ কৰে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ইতিমধ্যে এই সন্দৰ্ভত চিআইডি তদন্তৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি আৱালে কয় যে যোৱা ৯ নৱেম্বৰত এই কেলেংকাৰীৰ লগত জড়িত ২১ জনকৈ ব্যক্তিক চিআইডিয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।ইয়াৰে ৭ জন গোৱালপাৰাৰ¸ ৭ জন দৰঙৰ¸ ৬ জন কামৰূপ গ্ৰাম্য জিলাৰ আৰু এজন ধুবুৰীৰ।
লগতে মমিনুল আৱালে উল্লেখ কৰে ,’এই কেলেংকাৰীত জড়িত কোনো যাতে সাৰি যাব নোৱাৰে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। যাৰবাবে কেলেংকাৰীত জড়িতসকল সাৰি যাব পৰা নাই। ‘
লগতে তেওঁ কয় ,’এপিএছচি কেলেংকাৰীতো অধ্যক্ষ সহ প্ৰায় ৭০ জন লোক জেললৈ যাব লগা হৈছে।ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ কেলেংকাৰীত জড়িত ৭৯ জন,শেহতীয়াকৈ অসম আৰক্ষীৰ এছ আই নিযুক্তিৰ ক্ষেত্ৰত হোৱা কেলেংকাৰীৰ লগত জড়িত ৫০ জনৰো অধিক লোকক কৰায়ত্ব কৰা হৈছে।’
চৰকাৰখনৰ দুৰ্নীতিবিৰোধী কঠোৰ স্থিতিৰ বাবেই এয়া সম্ভৱ হোৱা বুলি আৱালে সংবাদমেলত মন্তব্য কৰে।
উল্লেখ্য যে ২০১৮ চনৰপৰা বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰে সংখ্যলঘু ছাত্ৰবৃত্তিৰ নামত ৫০১ কোটি ৪০ লাখ ৪ হেজাৰ টকাৰ আবন্টন দিছে ।পিছে এই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।পিছে এই দুৰ্নীতিৰ জালত আৰু কোন কোন পৰিব সেয়া চিবিআইৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ।