গুৱাহাটী– হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই অৱশেষত বিটিচিৰ নতুন মুখ্য কার্যবাহী সদস্য হিচাবে কাইলৈ শপতগ্ৰহন কৰিব প্ৰমোদ বড়োৱে।
এটা সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰা এইগৰাকী সংগ্ৰামী নেতাই বিটিচিৰ চীফ হিচাপে দায়িত্ব লোৱালৈকে আছে এক দীঘলীয়া পৰিক্রমা৷ ছাত্র নেতা হিচাপে তিনি দশক কাল তেওঁ বড়ো জাতিৰ বাবে আগবঢ়াই আহিছিল বিশেষ অৰিহণা ৷ আর্থিকভাৱে এটা দুর্বল পৰিয়ালত ১৯৭৫ চনত জন্মলাভ কৰিছিল প্রমোদ বড়োৱে।
নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ প্রাক্তন সভাপতি উপেন্দ্রনাথ ব্রহ্মৰ নেতৃত্বত সেই সময়ত আৰম্ভ হোৱা পৃথক বড়োলেণ্ড আন্দোলনত সক্রিয়ভাৱে জড়িত আছিল প্রমোদ বড়ো৷ এজন সাধাৰণ সদস্যৰ পৰা এবছুৰ শীর্ষ পদত তেওঁ নিজৰ কর্মদক্ষতাৰ বাবে আৰোহণ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৯৭ চনত তেওঁ এবছুৰ কামৰূপ জিলা কমিটীৰ সভাপতি হিচাপে নির্বাচিত হয় ৷
এবছুৰ সভাপতি হিচাপে নির্বাচিত হোৱাৰ পূর্বে তেওঁ ছাত্র সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক আৰু উপ–সভাপতি হিচাপেও সেৱা আগবঢ়ায় ৷ ইয়াৰ পাছত সভাপতি হিচাপে এবছুক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দি বড়ো লোকসকলৰ মাজত শিক্ষা সম্পর্কীয় সজাগতাৰ ক্ষেত্রত কাম কৰিবলৈ আৰম্ভ কৰি যুৱচামৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়৷ তেওঁ দিনেতই এবছুৱে ‘ইয়েৰ অৱ এডুকেচন’ আৰু ‘মিছন কোৱালিটী এডুকেচন’ নামৰ দুটা বিশেষ কার্যসূচী গ্রহণ কৰে৷ এই কার্যসূচীৰ মূল লক্ষ্য আছিল বড়োভূমিত শিক্ষাৰ মান উন্নত কৰা৷
২০০৯ চনত এবছুৰ সভাপতি হিচাপে তেওঁ নির্বাচিত হোৱাৰ পিছতেই ২০১০ চনত কংগ্রেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে তেলেংগানাক সুকীয়া ৰাজ্যৰ মর্যাদা প্রদান কৰাৰ পাছতে প্রমোদ বড়োৰ নেতৃত্বত এবছুৱে পৃথক বড়োলেণ্ডৰ বাবে আন্দোলন তীব্রতৰ কৰি তোলে৷ পৰৱর্তী পর্যায়ত পৃথক বড়োলেণ্ডৰ এই আন্দোলন “ডিভাইড আচাম ৫০-৫০” য়ে ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰে ৷ দলীয়ভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা থকা নেতা হিচাবে আৰু আত্মবিশ্বাসী মনোভাব আৰু দূৰদৃষ্টিয়ে তেওঁক এজন শক্তিশালী নেতা হিচাপে প্রতিষ্ঠা কৰাত সহায় কৰে।
২০০৯ চনৰ পৰা ২০২০ চনলৈ সুদীর্ঘ কাল সভাপতি হিচাপে এবছুক নেতৃত্ব দিয়া প্ৰমোদ বড়ো বড়োভূমিৰ এজন শক্তিশালী নেতা হিচাবে জনাজাত হৈ পৰে ৰাজনৈতিক দৃষ্টিতো | বড়োভূমিত স্থায়ী শান্তি স্থাপনৰ ক্ষেত্রত গুৰুত্ব সহকাৰে কাম কৰি অহা এইগৰাকী নেতাই অঞ্চলটোৰ পৰা সম্পূৰ্ণ ৰূপে সন্ত্রাসবাদ শেষ কৰিবলৈ লোৱা প্রচেষ্টাৰ ফলতে শেহতীয়াকৈ সম্পন্ন হয় বি টি আৰ চুক্তি৷ এন ডি এফ বিকে ধৰি আন কেইবাটাও সক্রিয় উগ্রবাদী সংগঠনক আলোচনাৰ মেজলৈ আনি বড়োভূমিত শান্তি স্থাপনৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰিবলৈ আৰম্ভ কৰি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হয় বি টি আৰ চুক্তি ৷ এই চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ ভুমিকাই তেওক ৰাজনৈতিক দিশতো নতুন মাইলেজ দিয়ে |
বি টি আৰ চুক্তি সম্পন্ন হোৱাৰ পাছতে বড়োভূমিক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ লক্ষ্যৰে তেওঁ যোগদান কৰে সক্রিয় ৰাজনীতিত ৷ যোৱা ২১ ফেব্রুৱাৰীত তেওঁ ইউনাইটেড পিপলছ পার্টী লিবাৰেলত (ইউ পি পি এল) যোগদান কৰাৰ সময়তে দলটোৰ প্ৰতিষ্ঠাপক সকলৰ লগতে কৰ্মীসকলে তেওঁক সভাপতিৰ দায়িত্ব অৰ্পন কৰে | ইয়াৰ পিছতেই প্ৰথমবাৰৰ বাবে নির্বাচনত সক্রিয়ভাৱে জঁপিয়াই পৰে৷
১৭ বছৰীয়া বি পি এফৰ শাসন ওফৰাই বড়োভূমিত বাস কৰা বড়ো জনগোষ্ঠীৰ লগতে সকলো জাতি–জনগোষ্ঠীক সম–উন্নয়নেৰে সামৰি আগবঢ়াই নিয়াৰ প্রতিশ্রুতিৰে অৱতীর্ণ হয় নির্বাচনী যুঁজত ৷ বিটিচিৰ ৪০টা সমষ্টিতে প্রার্থী থিয় কৰা ইউ পি পি এলৰ বিজয়ৰ বাবে দিনে নিশাই আৰম্ভ কৰে ধাৰাবাহিক নিৰ্বাচনী প্রচাৰ ৷ সেইবাবেই শক্তিশালী হাগ্ৰামা মহিলাৰীৰ বিপক্ষে ফলাফলত ১২খন আসনত জয়লাভেৰে ইউ পি পি এলক এক নতুন শিখৰত অৱতীর্ণ কৰোৱাৰ লগতে বিটিচিৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায় ৰচনা কৰিবলৈ সক্ষম হ’ল |
সক্রিয় ৰাজনীতিত অংশগ্রহণ কৰিয়েই বিটিচি নির্বাচনত এক ঐতিহাসিক সফলতা লাভ কৰিবলৈ সক্ষম হ’ল প্ৰমোদ বড়ো | প্ৰতিশ্ৰুতি পালন কৰি প্ৰমোদ বড়োৱে বড়োভূমিত সু-শাসন আনিব পাৰিব বুলিয়েই বড়োভূমিৰ জনতাই আশা কৰিছে |