মানকাচৰ – বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী মানকাচৰ জিলা আছুৰ। সত্যৰঞ্জন বৰাৰ নতুন বিতৰ্কত মন্তব্য ‘অসুৰ খেদি নতুনকৈ প্ৰতিষ্ঠা কৰিব লাগিব কামাখ্যা মন্দিৰ’কলৈ সৰৱ মানকাচৰ জিলা আছু। বৃহস্পতিবাৰে মানকাচৰত উপস্থিত হৈ বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই প্ৰদান কৰিছিল এক বিতৰ্কিত মন্তব্য।

পশ্চিম অসমৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ কামাখ্যা মন্দিৰ দৰ্শন কৰি কেবাটাও বিস্ফোৰক মন্তব্য কৰে বিৰ্তক হিন্দুত্ববাদী নেতাগৰাকীয়ে। সত্যৰঞ্জন বৰাই কয় যে, ‘গুৱাহাটী কামাখ্যা মন্দিৰত বহুত ভক্তৰ ভিৰ হয় কিন্তু মানকাচৰ কামাখ্যা মন্দিৰত ভক্তৰ ভিৰ নাই। মানকাচৰত অসুৰ খেদি কামাখ্যা ভালকৈ প্ৰতিষ্ঠা কৰিব লাগিব। মানকাচৰত অসুৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই মানকাচৰ কামাখ্যাৰ দুৰৱস্থাৰ সৃষ্টি হৈছে।’

আনহতে কোৰাণক বিশ্বাস কৰা সকলক অসুৰ বুলিও ভয়ংকৰ সাম্প্ৰদায়িক মন্তব্য কৰে বিজেপিৰ নেতাগৰাকীয়ে। ইপিনে বিৰ্তকিত নেতা সত্যৰঞ্জন বৰাৰ এনে মন্তব্যৰ পিছত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইছলামৰ ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ কোৰানাক লৈ কৰা এনে মন্তব্য কোনো সুস্থ মানুহে ক’ব নোৱাৰে বুলি একাংশই মত ব্যক্ত কৰাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বৰীফুল ইললাম প্ৰধানীয়ে বিতৰ্কিত নেতা গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

কোনো কালেই মানকাচৰ জিলাত হিন্দু-মুছলমান সকলৰ মাজত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱাৰ লগতে হিন্দু-মুছলমান সকলৰ মিলন ভূমি বুলি কলে মানকাচৰ জিলাখন অসমৰ ভিতৰতে অন্যতম। প্ৰায় ৯০ শতাংশ ধৰ্মীয় সংখ্যালঘূ প্ৰধান জিলাখনত হিন্দু-মুছলমানকে ধৰি সকলো ধৰ্মৰ লোকৰ মাজত আছে শান্তি শৃংখলাৰ পৰিৱেশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply