মানকাচৰ: সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুদিনীয়া সৰ্বাত্মক অসহযোগ ফলত জিলা প্ৰশাসনৰ কাম কাজ বন্ধ হৈ পৰিছে ৷
সন্থাই দহ দফীয়া দাবীৰ স্থায়ী সমাধান ৰ দাবীত অসমৰ ৩২ খন জিলাৰ উপয়ুক্ত কাৰ্যালয়ৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলে নিজৰ ন্যায্য প্ৰাপ্য দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত বিভিন্ন শ্লোগান দি হাটশিঙিমাৰীৰ আকাশ বতাহ উত্তাল কৰি তোলে। কৰ্মচাৰী সকলৰ এনে অহযোগৰ বাবে প্ৰশাসনিক কাম-কাজ স্তব্ধ হৈ পৰিছে।