গুৱাহাটী – অৱশেষত সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ পুত্ৰৰ। চিৰাংত সন্ধান পোৱা গৈছে বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীৰ। আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগে জনালে অমিতৰাজ দৈমাৰীৰ সন্ধান লাভ কৰাৰ খবৰ।
চিৰাং জিলাৰ চাপাগুৰি বাছ ষ্টেণ্ডত সন্ধান পোৱা গৈছে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীৰ। অসম আৰক্ষীৰ আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগে জানিবলৈ দিয়ে অমিতৰাজ দৈমাৰীৰ চাপাগুৰি বাছ ষ্টেণ্ডত সন্ধান লাভ কৰাৰ কথা।
মঙলাবাৰৰ পৰা সন্ধানহীন হৈ আছিল প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ ১৬ বছৰীয়া পুত্ৰ। বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰী ৰিয়েলিটী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। বিশ্বজিৎ দৈমাৰীৰ পুত্ৰৰ অপহৰণ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও পুত্ৰৰ অপহৰণ হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে।
প্ৰাক্তন সাংসদ গৰাকীৰ পুত্ৰক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীয়ে মঙলাবাৰৰ পৰাই অভিযান তীব্রতৰ কৰি তুলিছিল যদিও মঙলাবাৰে অমিতৰাজ দৈমাৰীৰৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী। অৱশেষত বুধবাৰে দুপৰীয়াৰ ভাগত আৰক্ষীয়ে চিৰাংত সন্ধান লাভ কৰে অমিতৰাজ দৈমাৰীৰ।