নিউজ ডেস্ক- আজি সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ থাকিব চিকিৎসা সেৱা। কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত দেশজুৰি প্রতিবাদ সাব্যস্ত কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে। আয়ুর্বেদিক চিকিৎসকক অস্ত্রোপচাৰৰ বাবে অনুমতি প্রদান কৰি কেন্দ্রীয় চৰকাৰে জাৰি কৰা নির্দেশনাৰ বিৰোধীতা কৰিছে সমগ্ৰ ভাৰতৰ এল’পেথিক চিকিৎসকসকলে ।
আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সাব্য়স্ত কৰিছে প্ৰতিবাদ। ইয়াৰ পূর্বে যোৱা ৮ ডিচেম্বৰতো কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তই দেশৰ অত্যাধুনিক চিকিৎসা ব্যৱস্থাক খিচিৰি চিকিৎসা ব্যৱস্থালৈ পৰিণত কৰিব বুলি অভিহিত কৰি দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছিল সংস্থাটোৱে।
দেশৰ ১০ হাজাৰ স্থানত ধর্মঘটেৰে চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে৷ উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত চৰকাৰে এখন অধিসূচনাৰ জৰিয়তে আয়ুর্বেদিক চিকিৎসকসকলক স্নাতকোত্তৰ শাখাত অস্ত্রোপচাৰ কৰাৰ বাবে প্রশিক্ষণ প্রদান কৰিবলৈ অনুমতি প্রদান কৰিছিল ৷ মুঠতে ৫৮বিধ চার্জাৰীৰ প্রশিক্ষণৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমতি প্রদান কৰিছে৷ ইয়াৰ পাছতে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন৷
ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ অসম ৰাজ্যিক শাখাৰ সভাপতি ড০ সত্যজিৎ বৰাই কয়, ‘ এই প্রতিবাদী কার্যসূচীলৈ প্রতিখন চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষকসকলেও সমর্থন আগবঢ়াইছে৷ এই প্রতিবাদী কার্যসূচীৰ পাছতো চৰকাৰে বিতর্কিত অধিসূচনা প্রত্যাহাৰ নকৰিলে আগন্তুক সময়ত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলিও সকীয়াই দিয়ে৷’
অৱশ্যে আজি কর্মবিৰতি পালন কৰাৰ সময়ছোৱাত অব্যাহত আছে ক’ভিড আৰু জৰুৰীকালীন চিকিৎসা সেৱা ৷ অসমতো এই প্ৰতিবাদৰ বাবে বন্ধ আছে চিকিৎসা সেৱা।