সমগ্ৰ দেশৰ লগতে অসমতো পালন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

নিউজ ডেস্ক: সোমবাৰে দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো সোমবাৰৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। অসম সচিবালয়ত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদ্যাপন অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙ। যোৰহাটত ভোটাৰ দিৱসৰ অনুষ্ঠানত বিহু নৃত্যত অংশগ্ৰহণ কৰে যোৰহাট উপায়ুক্ত গৰাকীয়ে।

ভোটাৰ দিৱস উপলক্ষে অসম সচিবালয় প্রশাসন বিভাগৰ উদ্যোগত অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙে সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলক দেশৰ গণতান্ত্রিক পৰম্পৰাৰ মর্যাদা তথা স্বতন্ত্র, নিৰপেক্ষ আৰু শান্তিপূর্ণ নির্বাচনৰ গৰিমা অক্ষুন্ন ৰাখি, নির্ভীকভাৱে, ধর্ম, বর্ণ, জাতি, সম্প্রদায়, ভাষা অথবা অন্য কোনাে প্রলােভনৰ দ্বাৰা প্ৰভাৱিত নােহােৱাকৈ সকলাে নির্বাচনত নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰাৰ বাবে শপত বাক্য পাঠ কৰােৱায়।অনুষ্ঠানত সচিবালয় প্রশাসন বিভাগৰ আয়ুক্ত সচিব এম.এছ.মনিৱন্নন, শিক্ষা, জনসংযােগ বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া তথা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

নগাঁৱতো জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। ভোটাৰ দিৱস উপলক্ষে উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত আয়োজিত সভাত সভাপতিত্ব কৰে জিলা উপায়ুক্ত কভিথা পদ্মনাভণে। সভাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জিলা প্ৰশাসনে আয়োজন কৰা কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়, লগতে ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰা এটি সজাগতামূলক গীত মুকলি কৰে পেৰাচাইকেলিষ্ট ৰাকেশ বনিকে।

ইয়াৰ উপৰিও ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে এক চাইকেল ৰেলীৰ আয়োজন কৰে, যত পেৰাচাইকেলিষ্ট ৰাকেশ বনিকৰ লগতে বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, নিৰ্বাচনী বিষয়া ৰাজ বৰুৱাকে প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

আনহাতে যোৰহাটত ভোটাৰ দিৱস উপলক্ষে যোৰহাটৰ উপায়ুক্তই বিহু নাচি ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে। যোৰহাটত পূৱা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা চাইকেল ৰেলিৰে ৰাইজৰ মাজত সজাগতা কাৰ্যসূচী ৰূপায়ন কৰে আৰু তাৰ পাছতে উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত নৃত্য গীতেৰে ভোটাৰ ৰাইজক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। যোৰহাটৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাতিসহ সকলো প্ৰশাসনিক বিষয়াই বিহু নৃত্যত অংশগ্ৰহণ কৰি ভোটাৰ দিৱস পালন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply