সমন্বয় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতিৰে সমন্বয়স্থলীত লুৰিণজ্যোতি গগৈ

শিৱসাগৰ – সমন্বয় প্ৰতিষ্ঠা প্ৰতিস্থাৰ প্ৰতিশ্ৰুতিৰে সমন্বয়স্থলীত লুৰিণজ্যোতি গগৈ। সম্প্ৰীতিৰ সাধক আজান ফকীৰৰ দৰগাহত উপস্থিত লুৰিণজ্যোতি গগৈ৷ অসম জাতীয় পৰিষদৰ দায়িত্ব লৈয়েই সৰাগুৰিৰ চাপৰি আজানপীৰৰ সমাধী থলীত লুৰিণজ্যোতি গগৈ৷

নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে শুকুৰবাৰে নিশা শিৱসাগৰস্থিত সমন্বয়ৰ প্ৰতীক হজৰত আজানপীৰ চাহেবৰ দোৱা বিচাৰি আজান ফকীৰৰ দৰগাহত উপস্থিত হয় লুৰিণজ্যোতি গগৈ। দৰগাহত উপস্থিত হৈ লুৰিণজ্যোতি গগৈয়ে পীৰ জনাৰ সমাধিস্থল পৰিদৰ্শন কৰি দৰগাহখনৰ সামগ্ৰীক পৰিস্থিতিৰ বুজ ল’বলৈ দৰগাহৰ খাদিমৰ সৈতে বাৰ্তালাপ কৰে।

আজান ফকীৰৰ দৰগাহ পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ ওচৰত মন্তব্য প্ৰকাশ কৰি অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় “আজান ফকীৰৰ দৰগাহত আল্লাৰ ওচৰত দোৱা বিচাৰি অনাগত দিনত আমাৰ অসমৰ জাতীয় জীৱন আৰু সমাজ জীৱনৰ কাৰণে যি ভয়াবহ পৰিৱেশ আহিছে, যি সংকট আহিছে এইবোৰ নাইকিয়া কৰি অসমৰ সমাজ জীৱন আগুৱাই নিয়াৰ প্ৰয়াস কৰিম। অসমৰ ৰাইজৰ যিটো মনৰ সপোন, য’ত সাম্প্ৰদায়িকতা পৰিৱেশ নাইকিয়া কৰি সম্বনয় আৰু ভাতৃত্ববোধৰ চিন্তাৰে আগুৱাই যাব লাগিব। যি আদৰ্শ শংকৰ-অজানে দি থৈ গৈছিল সেই আদৰ্শৰে অসমৰ সমাজ আগুৱাই যাব লাগিব”।

দৰগাহ পৰিদৰ্শনৰ পিছত লুৰিণজ্যোতি গগৈয়ে দৰগাহৰ চৌপাশে থকা কৈৱত্ৰ সম্প্ৰদায়ৰ ৰাইজৰ সৈতেও বাৰ্তালাপ কৰে। অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছতেই লুৰিণজ্যোতি গগৈৰ এই যাত্ৰাক আদৰণি জনায় দৰগাহৰ চৌপাশে থকা লোক সকলে। স্থানীয় ৰাইজে লুৰিণজ্যোতি গগৈক লগ পাই অঞ্চলটোৰ বিভিন্ন সমস্যা সম্পৰ্কেও অৱগত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply