সমষ্টিৰ পুনৰ নির্ধাৰণ প্রক্রিয়াৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিউজ ডেস্ক- অসম বিধানসভা নির্বাচন হ’বলৈ মাজত মাত্ৰ তিনিটা মাহ। আজিলৈকে সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া কোনো আগনাবাঢ়িলে। বিষয়টোৰ গুৰুত্ব বুজি উচ্চতম ন্যায়ালয়ত বিষয়টো পুনৰ উত্থাপিত হৈছে ৷ বৰাক উপত্যকাৰ আব্দুল ছেলিম লস্কৰে দাখিল কৰা এখন লেখ আবেদনৰ (৭৭৪/২০২০) শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ভি ৰামা সুব্রমনিয়ানেৰে গঠিত খণ্ড বিচাৰপীঠে সমষ্টি পুনৰ নির্ধাৰণ আয়োগ, কেন্দ্রীয় আইন মন্ত্রালয় আৰু অসমৰ মুখ্য সচিবলৈ জাননী জাৰি কৰে৷

আবেদনকাৰী আব্দুল ছেলিম লস্কৰে আবেদন কৰা মতে, চৰকাৰৰ হাতত ২০১১ চনৰ লোকপিয়ল আছে, ২০২১ চনৰ লোকপিয়ল সম্পন্ন হ’বলৈ বেছি দিন নাই তেনে সময়ত এতিয়াও ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি নির্ধাৰণ কৰাৰ কোনো যুক্তি নাই৷

আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডত চলি থকা সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াত স্থগিতাদেশ জাৰি কৰাৰ বাবে আবেদন জনাইছিল ৷ কিন্তু মুখ্য ন্যায়াধীশ সহ তিনিজনীয়া বিচাৰপীঠে স্থগিতাদেশ জাৰি কৰাৰ পৰিৱর্তে সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰি সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াক প্রত্যাহ্বান জনোৱা জনৈক ব্রেলিথামাৰাকৰ মূল গোচৰৰ (৪৫৪/২০২০) সৈতে সন্নিৱিষ্ট কৰি দিয়ে৷

উল্লেখ্য যে যোৱা বছৰৰ ২ নৱেম্বৰত গ্রহণ কৰা শুনানিত উচ্চতম ন্যায়ালয়ে সমগ্র বিষয়টোত কেন্দ্রীয় চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দুই সপ্তাহৰ সময় বান্ধি দিছিল৷ ইয়াৰ পিছত বহুবাৰ জাননী জাৰি কৰা সত্ত্বেও কেন্দ্রীয় চৰকাৰে কোনো উত্তৰ নিদিয়াত ক্ষুব্ধ মুখ্য ন্যায়াধীশ বিচাৰপীঠে একপক্ষীয়ভাৱে ৰায়দান প্রদান কৰিছিল৷ বিচাৰপীঠৰ শুনানিৰ আঁত ধৰি কাছাৰৰ আব্দুল ছেলিম লস্কৰে গোচৰটোত একপক্ষীয় ৰায়দানৰ আবেদন জনায় যদিও উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে পুনৰ জাননী জাৰি কৰাৰ সিদ্ধান্ত লয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply