সাঁচিপাতক পুণৰোদ্ধাৰৰ সংগ্ৰামত ব্যস্ত এদল সেনানী

অমৰ জ্যোতি বৰা,যোৰহাট : অসমৰ চিত্ৰশিল্প , সাহিত্য আৰু সংস্কৃতিৰ মূল আধাৰ হ’ল সাঁচিপাত । আজিৰ পৰা প্ৰায় ৭০০ বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ‘ চিহ্ন যাত্ৰা ‘ ভাওনাৰ পট কথা লিখিবৰ বাবে পোন প্ৰথমবাৰৰ বাবে সা‌ঁচিপাত ব্যৱহাৰ কৰিছিল বুলি কথা গুৰুচৰিত পুথিত উল্লেখ আছে ।প্ৰাক শংকৰী যুগত লিপি আৰু চিত্ৰশিল্পৰ বাবে তুলাপাত ব্যৱহাৰৰ কথা বুৰঞ্জীসমূহৰ লগতে চৰিৎ পুথিসমুহত উল্লেখ আছে ।

তুলা পাতৰ তুলনাত সাচিপাতৰ প্ৰয়োগৰ বিভিন্ন সুবিধাৰ বাবেই প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু পিছলৈ তেওঁৰ শিষ্য মাধৱদেৱকে আদি কৰি তেওঁৰ অনান্য শিষ্যসকল আৰু সেইসময়ৰ সমসায়িক অন্যান্য কবি সাহিত্যিক সকলে প্ৰণয়ন কৰা গীত, মাত, কবিতা, নাটককে আদি কৰি ভাগৱত পুৰাণৰ তত্ত্ব গধুৰ ৰচনাসমূহ আৰু ইয়াৰ অনূবাদ সমূহক কাললৈ থৈ যাবৰ কাৰণে সাঁচিপাত প্ৰস্তুত কৰি ইয়াত লিপিৱদ্ধ কৰাৰ পদ্ধতি অৱলম্বন কৰিছিল ।

সাম্প্ৰতিক মাজুলীৰ গড়মুৰৰ কলাভুমী গুৰুগৃহ নামৰ এটা NGOৰ সঞ্চালক মৃদুল বৰুৱা আৰু তেওঁৰ সহধৰ্মিণী জুলী বৰুৱাই প্ৰাচীন অসমৰ ঐতিহ্য ৰ প্ৰতীক গুৰুজনাৰ অনুপম সৃষ্টি সাঁচিপাত আৰু সাঁচিপাতৰ পুথিক বৰ্তমান সময়ত নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ লগতে ইয়াক বিশ্বমুখী কৰি তোলাৰ উদ্দেশ্যেৰে এক সংগ্ৰাম আৰম্ভ কৰিছে

সাঁচিপাতক পুণৰোদ্ধাৰৰ সংগ্ৰামত ব্যস্ত এদল সেনানী

সাঁচিপাত আৰু ইয়াৰ মহী বা চিয়াঁহী প্ৰস্তুত কৰণ প্ৰণালী :

সাঁচিপাতৰ পুথি অসমৰ হাবিত উপলব্ধ সাচিগছৰ ছালৰ পৰা প্ৰস্তুত কৰা হয় । গুৰুচৰিত পুথিত গুৰুজনাই কিদৰে সাঁচিপাত প্ৰস্তুত কৰিছিল সেইবিষয়ে সম্পূৰ্ণ বিৱৰণ পোৱা যায় , তাকে সাৰথি কৰি বৰুৱাই আধুনিক সাচি পাতৰ প্ৰস্তুত কৰি আহিছে । এক জটিল , ব্যয়বহুল আৰু দীৰ্ঘ ম্যাদী প্ৰক্ৰিয়াৰ মাজেৰে আহি সাচিগছৰ এটা বাকলি সাচিপাতলৈ ৰূপান্তৰিত হয় । অসমৰ হাবিত পোৱা বা কিনিব লৈ পোৱা ১৫ বছৰতকৈ বেছি বয়সৰ এজোপা সাচিগছৰ বাকলি এৰুৱাই , সুন্দৰকৈ পৰিষ্কাৰ কৰি ,প্ৰায় তিনিমাহ টান‌ ৰ’দত শুকুৱাই , পুনৰ তিনিমাহ নিমপাতৰ ধোৱাঁ দি ৰাখি তাৰ ওপৰত হেঙুল – হাইটাল ,গোটানীল , ধলমাটি আদিৰ প্ৰলেপ দি লিখাৰ কাৰণে উপযুক্ত কৰি তোলা হয় । এনেদৰে এখিলা সাঁচিপাত লিখিব পৰাকৈ সম্পূৰ্ণ হ’বলৈ প্ৰায় ৯ মাহ সময়ৰ প্ৰয়োজন হয় ।

সাঁচিপাতত লিখিবৰ কাৰনে এক বিশেষ প্ৰকাৰৰ চিয়াঁহী বা মহী তৈয়াৰ কৰাৰ বিষয়েও চৰিত পুথিসমুহত উল্লেখ আছে । ভোমোৰা গছৰ ছাল , আমলখি আৰু শিলিখা সমপৰিমাণে লৈ কেঁহাৰাজ , কলি গৰুৰ গোমূত্ৰ আৰু চাকিৰ এঙাৰৰ লগত মিশ্ৰণ কৰি সিজাই মাটিৰ মলাত সংৰক্ষণ কৰিলে কেইদিনমানৰ পিছত মলাৰ বাহিৰলৈ এবিধ তৰল পদাৰ্থ নিগৰি আহে আৰু এই তৰল পদাৰ্থকে সাঁচিপাতত লিখিবৰ বাবে মহী বা চিয়াঁহী হিচাপে ব্যৱহাৰ কৰা হয় ।

সাঁচিপাতত লিখিবৰ বাবে ব্যবহৃত চিয়াহী মহী

স্বৰ্ণিল ইতিহাসক নৱমূল্যায়ণৰ সংগ্ৰাম :

প্ৰাচীন অসমৰ এই ঐতিহ্যক পুনৰুদ্ধাৰ কৰি বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেৰে চিত্ৰ শিল্পী মৃদুল বৰুৱা আৰু তেওঁৰ সহধৰ্মিণী জুলী বৰুৱাই মাজুলীৰ গড়মুৰৰ কলাভূমি গুৰুগৃহত আৰম্ভ কৰিছে আন এক সংগ্ৰামৰ ।এসময়ৰ ঐতিহ্যময় সাঁচিপাতক বিলুপ্তিৰ গৰাহৰ পৰা উদ্ধাৰ কৰি ইয়াক পুন: প্ৰতিষ্ঠাৰ কাৰনে মৃদুল বৰুৱা আৰু জুলী বৰুৱাই ইতিমধ্যে সাঁচিপাত প্ৰস্তুত কৰাৰ লগতে , হেঙুল – হাইতালৰ ব্যৱহাৰ , মহী নিৰ্মাণ কৰা পদ্ধতিকে আদি কৰি ব্ৰজাৱলী ভাষাত সাচি পাতত সচিত্ৰ পুথি নিৰ্মাণৰো প্ৰশিক্ষণ দিছে ।

মূলত বাণিজ্যৰ স্নাতক বৰুৱাৰ পিতৃ প্ৰয়াত লক্ষীনাথ বৰুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাচিপাতৰ পুথিৰ পুনৰুদ্ধাৰৰ বাবে প্ৰথম পদক্ষেপ লৈছিল কিন্তু কিছুমান সীমাবদ্ধতাৰ বাবে বৰুৱাৰ পিতৃ এই ক্ষেত্ৰত বেছি দূৰ আগবাঢ়িব নোৱাৰিলে , কিন্তু পিতৃৰ এই কৰ্মৰ প্ৰতি আকৃষ্ট হৈ মৃদুল বৰুৱাই কথা গুৰুচৰিত পুথিৰ বিশদ অধ্যয়ন কৰি প্ৰাচীন অসমৰ এই কলাবিধৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ব্ৰতী হয় ।

বৰ্তমান প্ৰায় ৩০ গৰাকী ব্যক্তিৰ সহযোগেৰে সাঁচিপাত প্ৰস্তুত আৰু সাচিপতিয়া চিত্ৰ অংকনৰ কাম কৰি থকা বৰুৱাই জনায় যে ‘ প্ৰায় ৭০০ বছৰ আগৰ গুৰুজনাৰ এই মহান সৃষ্টিক নৱমূল্যায়ণৰ জৰিয়তে বিশ্ববাসীৰ আগত চিনাকি কৰি দিবলৈ আমি এক প্ৰচেষ্টা হাতত লৈছিলো , যথেষ্ট কষ্ট স্বীকাৰ কৰাৰ পিছত আজি আমাৰ প্ৰচেষ্টাই সম্যক সফলতা লাভ কৰিবলৈ সক্ষম হৈছো । ‘

সাঁচিপাতৰ উদ্ধাৰত ব্যস্ত এদল সেনানী

ভাৰতবৰ্ষৰ প্ৰায় ৩০ খন ৰাজ্যতে অসমীয়া সংস্কৃতিৰ এই বৰ্ণিল চিত্ৰশিল্প প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা , শংকৰদেৱ বিশ্ববিদ্যালয়কে ধৰি দেশৰ প্ৰায়কেইখন বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এই বিষয়ত বক্তৃতা প্ৰদান কৰা মৃদুল বৰুৱাই কয় যে ‘ আমাৰ এই সংগ্ৰামৰ কথা জানিব পাৰি অসমৰ মূখ্যমন্ত্ৰীয়ে আমাক উৎসাহিত কৰাৰ লগতে আমাৰ এই যাত্ৰাত প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ হস্ততাত বস্ত্ৰশিল্প বিভাগেও আমাৰ এই যাত্ৰাত যথেষ্ট পৰিমাণে সহায় কৰিছে , এই সকলোবোৰৰ সহায় সহযোগীতাই গুৰুজনাৰ শিল্পটিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমাৰ যি সংগ্ৰাম সেই সংগ্ৰামে আজি যথেষ্ট খিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

ভাৰত চৰকাৰৰ হস্তশিল্প বিভাগৰ সহযোগত যোৱা বৰ্ষৰ ২৯ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ ২ মাহৰ কাৰণে নিৰ্বাচিত ২০ গৰাকী ব্যক্তিক সাঁচিপাত আৰু মহী প্ৰস্তুত , সাঁচিপাতত চিত্ৰ শিল্প অংকন কৰা , ব্ৰজাৱলী ভাষা লিখা আৰু পঢ়াৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰে । উল্লেখযোগ্য যে এই ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে বৰ্তমান নিজ নিজ অঞ্চলত এই কলাবিধৰ উত্তৰণৰ কাৰণে কাম কৰি আছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply