অভিযুক্ত উমা শংকৰ ঝা

গুৱাহাটী– মহিলা সাংবাদিকক দুর্ব্যৱহাৰ কৰি ৰঙাঘৰত সোমাল ছবি পৰিচালক। শনিবাৰে গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত মহিলা সাংবাদিক নিপা কাকতিক দুর্ব্যৱহাৰ কৰাৰ অভিযোগত পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে সোমবাৰে গ্রেপ্তাৰ কৰে দুই অভিযুক্ত ক্রমে উমা শংকৰ ঝা (৪০) আৰু প্রাঞ্জল কুমাৰ গগৈক৷

শনিবাৰে গুৱাহাটী প্রেছ ক্লাবত ছবি পৰিচালক উমা শংকৰ ঝাৰ পৰিচালিত এখন হিন্দী চিনেমাৰ নাম ঘোষণাৰ অনুষ্ঠান আছিল। সেই সন্দৰ্ভত পৰিচালকে সংবাদমেল আয়োজন কৰিছিল। উক্ত সংবাদ মেলখনত আমাৰ অসম কাকতৰ সাংবাদিক নিপা কাকতিক উমা শংকৰ ঝা আৰু কেইজনমান লোকে দুর্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দর্ভত ভুক্তভোগী মহিলা সাংবাদিকগৰাকীয়ে পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩৫২/৩৫৫/৩৪ ধাৰাৰ অধীনত ১৬/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি অভিযুক্ত উমা শংকৰ ঝা আৰু প্রাঞ্জল কুমাৰ গগৈক পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply