প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী– সাংবাদিক মিলন মহন্তক আক্ৰমণৰ ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ। দেওঁবাৰে বিদ্যুৎৰ খুটাত বান্ধি তিনি লোকে প্ৰহাৰ কৰিছিল সাংবাদিকজনক। স্থানীয়লোকৰ তৎপৰতাত কোনোমতে ৰক্ষা পৰে সাংবাদিক মিলন মহন্ত।

ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষীক এজাহাৰ দাখিল কৰিছিত সাংবাদিকজনে।অৱশেষত পলাশবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘটনাৰ লগত জড়িত এজনক।

এখন অসমীয়া দৈনিক বাতৰি কাকতৰ সাংবাদিক আছিল মিলন মহন্ত। দেৱালীৰ সময়ত অঞ্চলৰ অবৈধ জুৱাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ অপৰাধত সাংবাদিক গৰাকীক এইদৰে আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে।

এইদৰে ভিন্ন সময়ত নিৰপেক্ষ বাতৰি পৰিৱেশন কৰিবলৈ গৈ সাংবাদিকসকল নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছে। সাংবাদিকগৰাকীৰ আক্ৰমণৰ ঘটনাৰ পাছতেই ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত সাংবাদিক সন্থাৰ উদ্য়োগত বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply