দিবাংগ গৃহৰ আধাৰ শিলা স্থাপন Credit: ইষ্ট ম'জ'

নাজিৰা– সাপেখাটি খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰেক্ষাগৃহ লগতে সংযোজন কৰি পাঁচ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা শাৰীৰিক ভাবে সক্ষম লোকৰ এটা গৃহৰ আধাৰ শিলা স্থাপন কৰে সোনাৰী সমষ্টিৰ বিধায়কা নবনীতা সন্দিকৈয়ে ৷

লগতে সাপেখাটি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ মেৰামতিৰ বাবেও ধাৰ্য্য কৰে ধনৰাশি৷ শিক্ষাৰ ঘাই কঠীয়া তলি হিচাপে পৰিগণিত শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই ধনৰাশি মুকলি কৰে বিধায়িকা গৰাকীয়ে ৷

আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাৰো আয়োজন কৰা হয় ৷ শিক্ষা বিষয়া প্ৰনৱ কুমাৰ গগৈয়ে আঁত ধৰা সভাখনত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই অংশ গ্ৰহণ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply