গুৱাহাটী– মাত্ৰ কেইটামান ক্ষণৰ পিছতেই আকৌ পোখা মিলিব এটি নৱ প্ৰভাতে । নৱবৰ্ষৰ প্ৰাকমূহুৰ্তৰ এই ক্ষণত পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতিত ব্য়স্ত সকলো। সকলোৱে বিদায়ী বৰ্ষৰ এই নিশা পৰিয়াল,বন্ধু-বান্ধৱ,নিজৰ আপোনজনৰ সৈতে মিলি আনন্দ-ফূৰ্তিৰে উদযাপন কৰে। পিছে এই আনন্দ-ফূৰ্তিৰ মাজতে প্ৰতি বছৰে নানা দুৰ্ঘটনাও সংঘটিত হৈ আহিছে।

নৱবর্ষক আদৰাৰ নামত যাতে আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি নহয় এই ক্ষেত্ৰত লক্ষ্য় ৰাখি আৰক্ষী প্ৰশাসনে মহানগৰীত জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। মহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই সদৰী কৰা অনুসৰি ৩১ ডিচেম্বৰৰ নিশা ১২ বজাৰ পূর্বে অনুজ্ঞাপত্র থকা বাৰ–ৰেষ্টুৰেণ্টসমূহ্ বন্ধ কৰিব লাগিব ৷ কোনো পার্টীত ৫০জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব ৷

একেদৰে নিশা ১০ বজাৰ পাছত মহানগৰীত উচ্চস্বৰৰ মিউজিক ব্যৱহাৰ কৰিব নোৱাৰিব৷ ইপিনে, যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ নিশা সুৰাপায়ীচালকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজপথত তালাচী অভিযান চলাব৷ ৰাজহুৱা স্থানৰ লগতে পথ–উপপথ, মুকলি ঠাইত সুৰা সেৱন কৰি পৰিৱেশ বিনষ্টকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰিব বুলি আৰক্ষী আয়ুক্তই সদৰী কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply