নিউজ ডেস্ক: দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্তত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদ কাৰী আৰু স্থানীয় লোকৰ মাজত সংঘৰ্ষ।দুই পক্ষৰ মাজত শিলাবৰ্ষণ। কন্দুৱা গেছ গেছ প্ৰয়োগ, শূন্যলৈ গুলীচালনা আৰক্ষীৰ।প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা। কৃষকৰ এচামে তৰোৱাল লৈ আৰক্ষীক খেদি আহে | স্থানীয়লোকৰ ওপৰতো আক্ৰমনত নামে |আন্দোলনস্থলীলৈ বহুসংখ্যক স্থানীয় লোকে আহি কৃষকৰ তম্বু গুচাই দিয়াৰ পিছতে অশান্তিকৰ পৰিস্থিতিৰ সূত্ৰপাত হয়।
এনে পৰিস্থিতিৰ মাজতে কৃষক আৰু স্থানীয় লোকৰ মাজত পৰস্পৰে শিল দলিওৱাৰ দৰে ঘটনা সংঘটিত হয়। ইয়াৰ মাজতে এগৰাকী বিক্ষোভকাৰী কৃষকে আৰক্ষীক তৰোৱাল উলিয়াই আক্ৰমণ কৰে। আক্ৰমণত আহত হয় আৰক্ষীগৰাকী। আক্ৰমণকাৰী কৃষকগৰাকীকো আটক কৰা হয়।
কৃষকসকলে অভিযোগ কৰা মতে, চাৰিওফালে বহু সংখ্যক আৰক্ষী থকাৰ পিছতো কিছুসংখ্যক লোকে তেওঁলোকৰ তম্বু গুচাই দিয়ে, ৱাশ্বিং মেচিন ভাঙি পেলায়। উক্ত লোকসকলে কৃষকক উদ্দেশ্যি গাড্ডাৰ বুলি শ্লোগানো দিয়ে।
সীমান্তত হোৱা খণ্ডযুদ্ধত আৰক্ষীয়ে লাঠীচালনাৰ লগতে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। উল্লেখ্য, ২৬ জানুৱাৰীৰ কৃষকৰ ট্ৰেক্টৰ সমদলত হোৱা হিংসাৰ পৰিপ্ৰেক্ষিতত কৃষক আন্দোলনৰ প্ৰতি কঠোৰতা প্ৰদৰ্শন কৰিছে দিল্লী আৰক্ষীয়ে।