বাজেটত কিহত দাম কমিল আৰু বাঢ়িল

নিউজ ডেস্ক: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ বাজেটত দাম বৃদ্ধি আৰু কমোৱাক লৈ বিভিন্ন চৰ্চা চলিছে | বাজেটত ম’বাইল, অটো পাৰ্টছ, ৰেচম সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰস্তাব দিয়া হৈছে ।বাজেটত বিদেশী মোবাইল ব্যয়বহুল হ’ব। মোবাইল ফোনৰ আমদানি শুল্ক ২.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে

বিত্তমন্ত্ৰী মন্তব্য, মোবাইল ফোনৰ বিক্ৰী দ্ৰুত ভাবে বাঢ়িছে। মোবাইল ফোন আৰু চাৰ্জাৰ ৰপ্তানি কৰা হৈছে।সেইবাবেই ২.৫ শতাংশ আমদানি কৰ ইয়াৰ ওপৰত ধাৰ্য কৰা হৈছে। সেইবাবেই বাঢ়িব পাৰে চাৰ্জাৰৰ দাম।

আনহাতে ৰত্নৰ দাম কমিব বুলি কোৱা হৈছে | বিত্তমন্ত্ৰীয়ে বাজেটত দাম কমাবলৈ প্ৰস্তাব দিয়া সামগ্ৰী সমূহৰ ভিতৰত লো’ সামগ্ৰী, নাইলনৰ পোছাক ,তামৰ সামগ্ৰী, ইন্সুৰেঞ্চ পলিচি, জোতা আদি আছে | সোণ, ৰূপৰ ওপৰত শুল্ক হ্ৰাস হোৱাৰ ফলত দাম কমিব বুলি আশা কৰিছে |

আনহাতে ১০০ টকাৰ ওচৰ পোৱা পেট্ৰ’লৰ দাম কমাব বুলি আশা কৰিছিল যদিও ইয়াৰ বিপৰীতে পেট্ৰ’লত ২.৫০ টকা আৰু ডিজেলত ৪.০০ টকা কৃষি কৰ আৰোপ কৰিলে | পেট্ৰ’ল ডিজেলৰ ওপৰত শুল্ক কমোৱাৰ প্ৰস্তাব দিয়াৰ বাবে জনতাৰ ওপৰত বিশেষ প্ৰভাব নপৰে বুলি বিত্তমন্ত্ৰীয়ে বুলি উল্লেখ কৰিছে | বিত্তমন্ত্ৰীৰ বাজেটৰ পিছতেই ছ’চিয়েল মিডিয়াত মিমচ বনোৱাৰ লগতে তীব্ৰ ভাবে সমালোচনা কৰিছে দেশৰ জনতাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply