গুৱাহাটী – আজি সুধাকন্ঠ ডo ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। মহানগৰীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত উদযাপন কৰা হৈছে মহান শিল্পী গৰাকীৰ মৃত্যু বাৰ্ষিকী অনুস্থান ।
সুধাকন্ঠ অবিহনে ৰাজ্যবাসীয়ে পাৰ কৰিলে নটাকৈ বৰ্ষ।আজি পুৱাই সমাধিক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ কুইন ওজাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিসকল।
কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ সমাধিক্ষেত্ৰত উপস্থিত হৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে বিভিন্ন ধৰনৰ অনুষ্ঠান উদযাপন কৰি ৰাজ্য়বাসীয়ে শ্ৰদ্ধাৰে সুৱৰে শিল্পীগৰাকীক।