নিউজ ডেস্ক: পশ্চিমবংগ নিৰ্বাচনৰ বাবে দিন ৰাতি একেকাৰ কৰিছে বিজেপিয়ে | পশ্চিমবংগৰ বাবে ৮জনকৈ তত্বাবধায়ক নিযুক্তি দিছে বিজেপিয়ে | কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে আন এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ।
এতিয়াৰে পৰা প্ৰতিবছৰে ২৩জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো পালন কৰা হব “পৰাক্ৰম দিৱস” হিচাপে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হৈছে। উল্লেখ্য যে, এইবছৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিব দেশবাসীয়ে।
অহা ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নিজেই উপস্থিত থাকিব ক’লকাতাৰ ভিক্তোৰিয়া মেম’ৰিয়েলত হ’ব লগা জন্মজয়ন্তী অনুষ্ঠানত | মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে নেতাজীৰ জন্মদিনটোত ৰাষ্ট্ৰীয় বন্ধ দিবৰ বাবে দাবী জনাইছে | মমতা বেনাৰ্জীয়ে উক্ত দিনটোত পদযাত্ৰা কৰাৰ সিদ্ধান্ত লৈছে |