সোণাৰি: সোণাৰিত আৰক্ষীয়ে অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানত যথেষ্ট সংখ্যক নিষিদ্ধ ড্ৰাগছ তথা গাঞ্জা জব্দ কৰাৰ লগতে বহু কেইগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে চৰাইদেউ আৰক্ষী ।

শেহতীয়াকৈ চৰাইদেউ আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা তথ্য অনুসৰি অভিযান চলাই পুনৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন হল অসম-নগালেণ্ড সীমান্তৱৰ্তী নামতোলা হাতীকেম্পৰ কবিতা ৰায় (৪২) আৰু সোণাৰি ৰজাঢাপৰ যোগেশ গগৈ (২৯)।

AS 04 BC 3613 নম্বৰৰ এখন বলেৰ’ পিক আপ বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় নিষিদ্ধ ড্ৰাগছ খিনি। আনহাতে আটকাধীন দুয়োজনৰ বিৰুদ্ধে নামতোলা আৰক্ষী থানাত ৫৫/২০২১ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ U/S- 21(a)/27/29 NDPS Act, 1985.ৰ অধীনত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক- যোৰহাট জিলা ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্ যাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply