সোণাৰি- নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভেটি শক্তিশালী কৰিবলৈ ইতিমধ্যে উঠিপৰি লাগিছে দলীয় নেতৃবৃন্দ। বিভিন্ন জিলা সমিতিসমূহ গঠন কৰা সমান্তৰালকৈ আঞ্চলিক তথা বুথ সমিতিসমূহ গঠন প্ৰক্ৰিয়া অব্যাহত আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে।

বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ সোণাৰি নগৰ সমিতিখন গঠন কৰা হয়। এই উদ্দেশ্যে সোণাৰিৰ সমলয় ক্লাবত আজি অনুষ্ঠিত হোৱা এখন সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক গণেশ বৰগোহাঞিৰ নেতৃত্বত অৰ্ধশতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে। আজি অনুষ্ঠিত যোগদান সমাৰোহত অসম জাতীয় পৰিষদৰ সহকাৰী সম্পাদক বিশ্বজিৎ টিপমীয়া, টংকেশ্বৰ কোঁৱৰ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply