সোণাৰি- সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ভিড ১৯ নিৰ্মূলৰ বাবে ইতিমধ্যে আৱিষ্কৃত হৈছে ক’ৰণা ভেকচিন। অসমতো ইতিমধ্যে স্বাস্থ্য কৰ্মীসকলক ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ দিয়াৰ লগতে এই ভেকচিন দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে। জনসাধাৰণক সুৰক্ষিত কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে দ্ৰুতকালীন তৎপৰতা অব্যাহত ৰাখিছে। ইফালে সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো আজিৰপৰা আৰম্ভ হৈছে ক’ভিড ভেকচিনৰ ড্ৰাই ৰাণ কাৰ্যসূচী।
চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত সোণাৰি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চৰাইদেউ অসামৰিক চিকিৎসালয়ৰ লগতে কনকলতা নাৰ্চিং হোমত স্থাপন কৰা ক’ভিড ভেকচিন কেন্দ্ৰত ড্ৰাই ৰাণ কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, তথা জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকি স্বাস্থ্য কৰ্মীসকলক উৎসাহিত কৰে।