সোণাৰি– নাৰী সৱলীকৰণৰ উদ্দেশ্যে গঠন হোৱা ‘তেজস্বিনী অসম’ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মংগলবাৰে সোণাৰিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত বিশিষ্ট লেখিকা সৃষ্টিবকুল বিনীতাই ‘তেজস্বিনী অসম’ৰ শীৰ্ষ গীতৰ ভিডিঅ’ উন্মোচন কৰে।

চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত ‘তেজস্বিনী অসম’ৰ চৰাইদেউ জিলা সমিতিৰ মুখপত্ৰ ‘জাগৃতি” অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিৰণ্য বৰগোহাঁই উন্মোচন কৰা লগতে শিক্ষয়িত্ৰী দময়ন্তী গগৈৰ গ্ৰন্থ ‘বাৰে বৰণীয়া’ , কবিতা গগৈ চাবুকধৰাৰ গ্ৰন্থ “অনুভৱৰ পানছৈ”, জুৰি মহন্তৰ গ্ৰন্থ “সুজান বৰ্ণলিপি” , জুৰি দেৱী ফুকনৰ মাতৃৰ সোঁৱৰণত প্ৰকাশিত গ্ৰন্থ ‘বনফুল’ উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ তথা চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিপ্ৰভা গগৈ, সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবিন কোঁৱৰ, চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড° ৰঘুনাথ কাগয়ুঙ, সমাজসেৱী লক্ষী ফুকন, ফুল কোঁৱৰ, সাংবাদিক মৃত্যুঞ্জয় দাস, অভিজিৎ ভূঞা, শিক্ষক নৰেন ৰাজখোৱা, ক্ৰীড়া সংগঠক স্বপন কৰ, প্ৰদীপ বৰুৱা, ক্ৰীড়া পেঞ্চনাৰ মাণিক দত্তৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।