সোণাৰিত বনৰীয়া হাতীৰ তাণ্ডব গৃহহীন পৰিয়াল

সোণাৰি : সোণাৰিত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বনৰীয়া হাতীৰ সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিছে সোণাৰিৰ কেইবাখনো গাঁৱৰ জনতা। উল্লেখ্য যে, অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে তাণ্ডৱ চলাইছে প্ৰতিদিনে। যোৱা নিশাও অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাক এটাৰ তাণ্ডবত ক্ষতিগ্ৰস্ত হৈছে সোণাৰিৰ টাওকাক অঞ্চলৰ কেইবাটাও পৰিয়াল।

সোণাৰিৰ টাওকাক গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডত বনৰীয়া হাতীয়ে শংকৰ তাঁতীৰ ঘৰটো সম্পূৰ্ণ ভাঙি পেলোৱাৰ লগতে চুবুৰীয়া কেইবাজনো লোকৰ বাৰীত ক্ষতিসাধন কৰে। আনহাতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শংকৰ তাঁতীৰ ঘৰটো ভাঙি পেলোৱাৰ লগতে খাদ্য সামগ্ৰী অনিষ্ট কৰাৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে পৰিয়ালটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply