সোণাৰিত যক্ষ্মা ৰোগৰ চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ Credit: ইষ্ট ম'জ'

সোণাৰি- শিৱসাগৰ জিলা যক্ষ্মা নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ সহযোগত আজি সোণাৰিত যক্ষ্মা ৰোগৰ চিকিৎসা সম্পৰ্কীয় এক এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখা কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে।

সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ শিৱসাগৰ জিলাৰ জিলা আঁচনি বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে ২০২৫ চনৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত কৰিবৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহৰ বিষয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা চৰাইদেউ জিলাৰ সমূহ স্বাস্থ্য কৰ্মী সকলক অৱগত কৰাৰ লগতে এই ক্ষেত্ৰত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায়।

শিবিৰত অংশগ্ৰহণ কৰা চৰাইদেউ জিলাৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ কবিতা ভূঞা আৰু ডাঃ অচিত বৰুৱাইয়ো বক্তব্য ৰাখে। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলেও নিজ নিজ অভিমত ব্যক্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply