সোণাৰি – উৰুকাৰ নিশা সোণাৰিৰ টাওকাক চাহ বাগিচাত বনৰীয়া হাতীৰ তাণ্ডৱ। বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীৰ জাকে লণ্ডভণ্ড কৰিলে দুজনকৈ লোকৰ বাসগৃহ। বৰ্তমানেও অঞ্চলটোত অব্যাহত আছে বনৰীয়া হাতীৰ জাকটোৰ মুক্ত বিচৰণ।
ৰাজ্যজুৰি ভোগালীৰ আনন্দ-উল্লাসৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিত বনৰীয়া হাতীৰ তাণ্ডৱ। সোণাৰিৰ টাওকাক চাহ বাগিচাৰ বিহাৰী লাইনত বনৰীয়া হাতীৰ জাকে বুধবাৰে নিশা দুজনকৈ লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।
জানিব পৰা মতে উৰুকাৰ নিশা প্ৰায় ১১.৩০ বজাত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি বনৰীয়া হাতীৰ জাকটোৱে টাওকাক চাহ বাগিচাৰ বিহাৰী লাইনত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে বিহাৰী লাইনৰ টুলটুল আলী আৰু ৰাজু আলী নামৰ দুজন লোকৰ বাসগৃহও ভাঙি লণ্ডভণ্ড কৰে।
স্থানীয় ৰাইজে বন বিভাগক নিশাই অঞ্চলটোত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই থকাৰ খবৰ দিয়ে যদিও বৃহস্পতিবাৰে পুৱা পৰ্যন্ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। বনৰীয়া হাতীৰ জাকটোৰ মুক্ত বিচৰণৰ ফলত অঞ্চলটোত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে।
উল্লেখ্য যে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে বিগত কিছুদিন ধৰি জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলাই আহিছে। বনৰীয়া হাতীৰ জাকে সোণাৰিৰ টাওকাক, গোৱালাপথাৰ আদি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰা লগতে বহু লোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে।