নিউজ ডেস্ক– ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উপায়ুক্তৰ কাৰ্য্যলয়ৰ সমীপত অসম জাতীয় পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। লাইকা দধীয়াৰ সমস্যা সমাধান, বান খহনীয়াগ্ৰস্তক সংস্থাপন, আৰু হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্য্যকৰী কৰাৰ দাবীত এই কাৰ্য্যসূচী গ্ৰহণ কৰে জাতীয় পৰিষদে।

গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজিলে সৰ্বানন্দ সোণোৱালক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সকীয়নি এজেপিৰ প্ৰতিবাদকাৰীসকলৰ।

সোণাৰিত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

সোণাৰিতো অসম জাতীয় পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত জাতীয় যুৱ শক্তি আৰু মহিলা শক্তিৰ সহযোগত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

বিশ্বনাথ প্ৰতিবাদী কাৰ্যসূচী

অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দুলদুল বৰকটকী,জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমৃত হাজৰিকা,সম্পাদক মৃদুল দাস,কেন্দ্ৰীয় যুৱ শক্তিৰ আহবায়ক ড০দুলেন বৰা,চন্দ্ৰ পুল বৰুৱা,বিশ্বনাথ জিলাৰ জাতীয় পৰিষদৰ মূখ্য আহবায়ক কন্দৰ্প হাজৰিকা,দিগন্ত বৰা পলাশ বৰকাকতিসহ আৰু বহু লোকে অংশ গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply