ক'লা পতাকা প্ৰদৰ্শনেৰে আছুৰ বিক্ষোভ কাৰ্যসূচী Credit: ইষ্ট ম'জ'

সোণাৰী: কংগ্ৰেছৰ ‘অসম বচাওঁ আহক অভিযান’ৰ অংশ হিচাপে সোণাৰিত উত্তাল প্ৰতিবাদ। মূল্য বৃদ্ধিৰ বিৰুদ্ধে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত সোণাৰি নগৰত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে এই কাৰ্যসূচী ৰূপায়ন কৰে চৰাইদেউ জিলা কংগ্ৰেছে। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্য্যসূচীৰ জৰিয়তে সোণাৰিৰ ইণ্ডিয়ান অইলৰ তেল ডিপোৰ সন্মুখত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

কংগ্ৰেছৰ ‘অসম বচাওঁ আহক অভিযান’সোণাৰিত

ইয়াৰ বিপৰীতে সোণাৰিত ক’লা পতাকা প্ৰদৰ্শনেৰে আছুৰ বিক্ষোভ কাৰ্যসূচী প্ৰৰ্দৰ্শন কৰে । অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰা, বৃহৎ নদী বান্ধ সমস্যা সমাধান আৰু বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস‌্যা হিচাপে ঘোষণাৰ দাবী। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই বিক্ষোভ প্ৰদৰ্শন কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply