সোণাৰী: চৰাইদেউ জিলাৰ সোণাৰীত বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত আটছাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে সোণাৰিৰ তিনিখনকৈ বিদ্যালয় প্ৰাদেশিকৰণৰ দাবী জনাই সংগঠনটোৱে ।
চাহ মজদুৰ বিদ্যা নিকেতন, চফ্ৰাই বাগিচা মধ্য ইংৰাজী বিদ্যালয় আৰু নামতোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় আটছাই । সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সোণাৰি শাখাৰ উদ্যোগত এই প্ৰতিবাদ।
ইফালে ১৮ বছৰ তলৰ ছাত্ৰ-ছাত্ৰীক লগত লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাক লৈ বাধা প্ৰদান চৰাইদেউ আৰক্ষীয়ে।