সোণাৰীত আশাকৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী

সোণাৰি: প্ৰাপ্য দাবীৰ বাবে পুণৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ল আশা কৰ্মী | সদৌ অসম আশা কৰ্মী সন্থাৰ আহ্বানত সোণাৰিত আশা কৰ্মী সকলে অৱস্থান ধৰ্মঘট পালন কৰে। চাকৰি নিয়মীয়া কৰণ, উপযুক্ত মজুৰিৰ ব্যৱস্থা কৰা, বকেয়া ধন আদায় কৰা, নিযুক্তি পত্ৰ বিতৰণ কৰাকে ধৰি বহু কেইটা সমস্যা সমাধানৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত আশা কৰ্মী সন্থাৰ সোণাৰি শাখাই সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। সমস্যা সমাধান নহ’লে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply