সোণাৰী: তিনিচুকীয়াৰ দিনজানত অনুষ্ঠিত এক বিশেষ সভাৰ পৰাই ভাৰ্চুৱেলী শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ সোণাৰিত সাহিত্য মনিষী উপবনৰ শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহন, বিধায়িকা নৱনীতা সন্দিকৈয়ে |

চলা সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ কৰা হৈছে উপবনখন। অসম চৰকাৰৰ কেম্পা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে সাহিত্য মনিষী উপবন। অসম চৰকাৰৰ এই অভিলাসী আঁচনিৰ অধীনত প্ৰায় এক হাজাৰোধিক বিভিন্ন প্ৰজাতিৰ ঔষধি আৰু আপুৰোগীয়া উদ্ভিদ ৰোপন কৰা হব ।

ইফালে সাহিত্য মনিষী উপবন শুভাৰম্ভৰ উদ্দেশ্যে চলা সংৰক্ষিত বনাঞ্চলত অনুষ্ঠিত হয় বিশেষ সভা। মন্ত্ৰী যোগেন মহন, বিধায়িকা নৱনীতা সন্দিকৈ , চৰাইদেউ জিলাৰ উপায়ুক্তৰ লগতে বন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply