সোনাৰীত গণৰাজ্য দিৱস

সোণাৰিত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন। সোণাৰি ৰাজহুৱা খেলপথাৰত গণৰাজ্য দিৱস উদযাপন কৰিলে চৰাইদেউ জিলা প্ৰশাসনে। চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই পতাকা উত্তোলন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত অসম আৰক্ষীৰ লগতে বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰে।

সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, চৰাইদেউৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত অনুষ্ঠিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা বহু ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন জিলা প্ৰশাসনৰ।

সোনাৰীত গণৰাজ্য দিৱস

গণৰাজ্য দিৱসত চুকাফা নগৰ মহিলা সমিতিৰ বিশেষ পদক্ষেপ । চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সমীপত অৱস্থিত চুকাফা নগৰত ১৯৬২ চনতে স্থাপন কৰা হৈছিল এটি নামঘৰ। চুকাফা নগৰ নামঘৰটোৱে সামৰি লৈছে এটা বৃহত্তৰ অঞ্চল। এই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলক সাংস্কৃতিক চৰ্চা আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ এক নং চুকাফা নগৰ নামঘৰটোৰ মহিলা সমিতিয়ে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ।

সাংস্কৃতিক কেন্দ্ৰ আৰু জ্ঞান-বিকাশ কেন্দ্ৰ (পুঁথিভঁৰাল) উদ্বোধন

এই পদক্ষেপৰ অংশ স্বৰূপে আজি মুকলি কৰা হ’ল সাংস্কৃতিক চৰ্চা আৰু জ্ঞান-বিকাশ কেন্দ্ৰ নামেৰে এটা সাংস্কৃতিক কেন্দ্ৰ আৰু পুথিভঁৰাল। বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰ আৰু সাহিত্যিক ড° ৰঘুনাথ কাগয়ুঙে উদ্বোধন কৰা এই সাংস্কৃতিক কেন্দ্ৰ আৰু পুথিভঁৰালৰ জৰিয়তে নতুন প্ৰজন্মৰ বৌদ্ধিক, মানসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰিছে মহিলা সমিতিৰ সম্পাদিকা তথা সু-লেখিকা মনোৰমা ফুকনে। ইফালে সাংস্কৃতিক চৰ্চা কেন্দ্ৰ আৰু জ্ঞান-বিকাশ কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় শিশু শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply