সোনাৰীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত অনিয়ম

সোণাৰি : সোণাৰি বিধানসভা সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে। সোণাৰিৰ ধোদৰ আলিৰ পৰা অসম-নগালেণ্ড সীমান্তৰ চিংলো সংযোগী চাৰি কিলোমিটাৰ জোৰা পথৰ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ।

দুই কোটি ৮১ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথৰ প্ৰথম দুই কিলোমিটাৰ এছ এছ ইঞ্জিনীয়াৰছ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ভালদৰে নিৰ্মাণ কৰাৰ পাছত পৰৱৰ্তী দুই কিলোমিটাৰ নিৰ্মাণত ব্যাপক অনিয়ম।

সোনাৰীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত অনিয়ম

প্ৰয়োজনীয় বিতুমিন ব্যৱহাৰ নকৰাকৈ পথ নিৰ্মাণ কৰাত নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ লগে লগে নষ্ট হৈ পৰিছে। মন কৰিবলগীয়া যে ২০১৮ বৰ্ষতে সেই সময়ৰ সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈৰ উপস্থিতিত সাংসদ কামাখ্যা প্ৰসাদ তাছাই আধাৰশিলা স্থাপন কৰিছিল পথটোৰ। স্থানীয় ৰাইজৰ অভিযোগ নিৰ্মাণৰত পথটো নিৰ্মাণ চলাই থকা দুৰ্নীতিৰ পিছতো বিভাগীয় মহলে গুৰুত্ব দিয়া নাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply