নিউজ ডেক্স: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মানকাচৰৰ গজাৰীকান্দি খণ্ড প্ৰাথমিক চিকিৎসালয়ত শণিবাৰৰ পকা ক’ভিড ভেকচিন দিয়াৰ শুভাৰম্ভ কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানাছাৰে।
চিকিৎসালয় খনিত প্ৰথমতো ভেকচিন লয় চিকিৎসালয় খনৰ উচ্চ বৰ্গৰ সহায়ক আব্দুল কালাম ফাৰাজীয়ে।
চিকিৎসালয় খনত ১০০ গৰাকী চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীক ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি চিকিৎসক এছ ইউ খন্দকাৰে সদৰী কৰে।

আনহাতে ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো ক’ভিড-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ হয় | চৰাইদেউ জিলাৰ সোণাৰিৰ ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত শুভাৰম্ভ কৰা হয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচী।
চৰাইদেউ জিলাৰ ১০০ গৰাকী চিকিৎসা কৰ্মীক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে প্ৰথম দিনটোত। সোমবাৰৰ পৰা পৰ্যায়ক্ৰমে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত থাকিব জিলাখনত।
পৰৱৰ্তী পৰ্য্যায়ৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা সম্পুৰ্ণ কৰি তুলিছে চৰাইদেউ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ তৰফৰপৰা তৰফৰপৰা।