গুৱাহাটী – ৰাজ্যৰ বিদ্যালয়সমূহত অহা ২ নৱেম্বৰৰ পৰা নিয়মিত আৰু স্বাভাৱিক পাঠদান আৰম্ভ হ’ব৷ এই সন্দর্ভত কালি শিক্ষা বিভাগে এছ অ’ পি প্রকাশ কৰিছে৷ বিভাগীয় নির্দেশ অনুসৰি ষষ্ঠ, অষ্টম, দশম আৰু দ্বাদশ শ্রেণীৰ পাঠদান চলিব সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে৷ আগবেলা আৰু পিছবেলা দুটা ভাগত শ্রেণীসমূহ চলিব৷

পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু ১২-৩০ বজাৰ পৰা ৩-৩০ বজালৈ দুটা ভাগত শ্রেণীসমূহ চলিব৷ ইফালে মধ্যাহু ভোজন ১১-৩০ বজাৰ পৰা ১ বজালৈ দুটা ভাগত বিতৰণ কৰিব লাগিব৷ প্রথমটো ছাত্র-ছাত্রী গোটক ১১-৩০ বজাৰ পৰা ১২ বজালৈ আৰু দ্বিতীয়টো গোটক ১২-৩০ বজাৰ পৰা ১ বজালৈ মধ্যাহু ভোজন যোগান ধৰা হ’ব৷ মধ্যাহু ভোজনৰ ৰান্ধনী-সহায়িকাই বাধ্যতামূলক কভিড পৰীক্ষা কৰিব লাগিব৷ ৰান্ধনী-সহায়িকাই ১৫ দিনৰ মূৰে মূৰে কভিড-১৯ পৰীক্ষা কৰিব লাগিব৷

সপ্তাহৰ এদিন অর্থাৎ দেওবাৰে বিদ্যালয় ছেনিটাইজ কৰা হ’ব৷ মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব মানি ছাত্র-ছাত্রীয়ে পাঠদান গ্রহণ কৰিব৷ আগন্তুক এমাহ সকলো হোষ্টেল বন্ধ থাকিব৷ শিক্ষক-শিক্ষয়িত্রী, কর্মচাৰীসকলে বিদ্যালয় খোলাৰ আগমুহূর্তত পুনৰ কভিড পৰীক্ষা কৰিব লাগিব৷ এমাহৰ মূৰত তেওঁলোকে পুনৰ এই পৰীক্ষা কৰিব৷ জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত গঠিত উচচ পর্যায়ৰ কমিটীয়ে এই এফ অ’ পি কার্যকৰীকৰণত চকু ৰাখিব বুলি শিক্ষা বিভাগে জনাইছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply