হোজাই – হোজাই জিলাৰ কপাহবাৰী চাৰিআলীত ভয়াবহ পথ দূৰ্ঘটনা৷ স্কুটিক বচাবলৈ গৈ ইটা ভৰ্তি ট্ৰাকে খুন্দা মাৰিলে মাৰুতি ভেনত। দুৰ্ঘটনাত দুজন লোক আহত।
বৃহস্পতিবাৰে পুৱাৰ ভাগত হোজাই জিলাৰ কপাহবাৰী চাৰিআলীত সংঘটিৰ হয় এক ভয়াবহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ইটা ভৰ্তি ট্ৰাকৰ সন্মুখত হঠাৎ এখন স্কুটি আহি পৰাত স্কুটিখনক বচাবলৈ গৈ ট্ৰাকখনে খুন্দা মাৰে মাৰুতি ভেনত।
কপাহবাৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ-১১-এচি-৪৫৯৪ নম্বৰৰ ইটা ভৰ্তি ট্ৰাকখনে স্কুটি বচাবলৈ গৈ পথৰ ওপৰত ৰৈ থকা এএছ-০১-এইচ-৪৫৭৭ নম্বৰৰ মাৰুতি ভেনত প্ৰচণ্ড খুন্দা মাৰে। এই ভয়াবহ পথ দুৰ্ঘটনাত দুজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাত ট্ৰাক আৰু মাৰুতি ভেনখন পথৰ মাজতে বাগৰি পৰে৷ আহত স্কুটি আৰোহীজনৰ লগতে আঘাতপ্ৰাপ্ত অন্য এজন লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে।