মাজুলী – স্বচ্ছতাৰ বাবে মাৰাথন দৌৰ। মাজুলীত স্বচ্ছতাৰ বাবে মাৰাথন দৌৰ। শতাধিক যুৱক-যুৱতীৰ অংশগ্ৰহণ কৰিলে মাৰাথন দৌৰত।
টিপকাইৰ উদ্যোগত আৰু অসম চৰকাৰৰ সৌজন্যত মাজুলীত স্বচ্ছতাৰ বাবে মাৰাথন দৌৰ প্ৰতিযোগিতা। দেওবাৰে পুৱাৰ ভাগত মাজুলী জিলাৰ সদৰ গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰা হয় এই মাৰাথন দৌৰ প্ৰতিযোগিতা।
মাৰাথন দৌৰ প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে মুখৰিত হৈ পৰে মাজুলীৰ ৰাজপথ। মাজুলীৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত সবলভাৱে অংশগ্ৰহণ কৰি শৰীৰ চৰ্চাৰ লগতে স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টিৰ চেষ্টা চলায়।
৮ ৰ পৰা ১৪ বছৰ বয়স আৰু ১৫ ৰ পৰা ২২ বছৰ বয়স এই দুটা শাখাত অনুষ্ঠিত কৰা হয় মাৰাথন দৌৰ প্ৰতিযোগিতা। টিপকায়ে মাজুলীত প্ৰথমবাৰৰ বাবে দুটা শাখাত অনুষ্ঠিত কৰা এই দৌৰ প্ৰতিযোগিতাত আশানুৰূপ সহযোগিতা আগবঢ়াই দুয়োটা শাখাৰ ছাত্ৰ-ছাত্ৰী সকলে।