গুৱাহাটী – স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিছু পেপাৰৰ দৰে ব্যৱহাৰ কৰিলে নেকি লেবৰেটৰী টেকনিচিয়ান সকলক ? স্থায়ী নিযুক্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি লেবৰেটৰী টেকনিচিয়ান সকলক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ‘ইউজ এণ্ড থ্ৰ’ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ। ন্যায্য বিচাৰি প্ৰতিবাদত বহিল অৰ্ধশতাধিক লেবৰেটৰী টেকনিচিয়ান। ব্যক্তিকগত খণ্ডৰ চাকৰি এৰি বহু লেবৰেটৰী টেকনিচিয়ান আগুৱাই আহিছিল কভিড যোদ্ধা হিচাপে কাম কৰিবলৈ।

কৰ’ণা মহামাৰীয়ে যি সময়ত ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছিল সেই সময়ত ৰাইজৰ সেৱাৰ অৰ্থে ওলাই অহা লেবৰেটৰী টেকনিচিয়ান সকল এতিয়া নিজৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে। মহানগৰীৰ চচলস্থিত প্ৰতিবাদস্থলীত নিজৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদত বহিবলগীয়া হৈছে অৰ্ধশতাধিক লেবৰেটৰী টেকনিচিয়ান। কৰ’ণা কালত কভিড যোদ্ধাৰ স্বীকৃতি লাভ কৰা লেবৰেটৰী টেকনিচিয়ান সকলক প্ৰদান কৰা আশ্বাস পাহৰিলে নেকি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কভিড মহামাৰীৰ সময়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থায়ী নিযুক্তিৰ আশ্বাস প্ৰদান কৰি ৰাইজৰ সেৱাৰ বাবে অস্থায়ী ভাৱে নিযুক্তি প্ৰদান কৰা লেবৰেটৰী টেকনিচিয়ান সকলক কভিড নিয়ন্ত্ৰনলৈ অহাৰ পিছত চাকৰিৰ পৰা যাবলৈ দিছে। ইয়াৰে প্ৰতিবাদত মঙলবাৰে চচলত প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধশতাধিক লেবৰেটৰী টেকনিচিয়ান সকলে। প্ৰতিবাদকাৰী সকলক দাবী কভিডৰ সময়ত দিনে-নিশাই ৰাইজক সেৱা আগবঢ়াই অহা লেবৰেটৰী টেকনিচিয়ান সকলক চৰকাৰে স্থায়ী নিযুক্তি প্ৰদান কৰক।

প্ৰতিবাদকাৰী সকলে আমাক স্থায়ী নিযুক্তি প্ৰদান কৰক, আমাক প্ৰদান কৰা আশ্বাস পালন কৰক, কভিডৰ সময়ত আমি কভিড যোদ্ধা এতিয়া আমি পেলনীয় সামগ্ৰী, আমাক ন্যায় লাগে আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। নন্দিতা দাস নামৰ এগৰাকী লেবৰেটৰী টেকনিচিয়ানয়ে কয় যে “আমি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে নিজৰ প্ৰাণৰ কথা চিন্তা নকৰাকৈ কভিড সময়ত ওলাই আহিছিলোঁ। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আমাক স্থায়ী নিযুক্তিৰ আশ্বাস প্ৰদনা কৰিছিল কিন্তু এতিয়া আমাক যাবলৈ দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক টিছু পেপাৰৰ দৰে ব্যৱহাৰ কৰিলে”।

নীলাক্ষী দাস নামৰ অন্য এগৰাকী লেবৰেটৰী টেকনিচিয়ানয়ে কয় “কভিড সময়ত আমি ৰাইজৰ সেৱা আগবঢ়াই থকা সময়ত আমি আমাৰ ঘৰলৈ যাব পৰা নাছিলোঁ। ঘৰলৈ গ’লে ৰাইজে আমি কৰ’ণা ভাইৰাছ কঢ়িয়াই অনা বুলি ভাবি আমাৰ পৰা আঁতৰি আছিল। আমি আমাৰ ত্যাগৰ ফল নাপালোঁ। আমাৰ মাজৰে বহু লেবৰেটৰী টেকনিচিয়ানয়ে ব্যক্তিগত চিকিৎসালয়ৰ চাকৰি এৰি কভিড যোদ্ধা হিচাপে ৰাইজৰ সেৱাৰ বাবে আগুৱাই আহিছিল। এতিয়া আমাক যাবলৈ কোৱা হৈছে, ব্যক্তিগত চিকিৎসালয়ৰ চাকৰি এৰি অহা লেবৰেটৰী টেকনিচিয়ান সকলৰ এতিয়া কি হ’ব।

প্ৰতিবাদকাৰী লেবৰেটৰী টেকনিচিয়ান সকলে তেওঁলোকৰ দাবী সমূহ লৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ চেষ্টা চলাইও বিফল হ’বলগীয়া হ’ল বুলিও জানিবলৈ দিয়ে। প্ৰতিবাদকাৰী লেবৰেটৰী টেকনিচিয়ান সকল আশাবাদী স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিব। কভিড সময়ত সমগ্ৰ অসমতে প্ৰায় ৩০০ গৰকি লেবৰেটৰী টেকনিচিয়ানক অস্থায়ী নিযুক্তি প্ৰদান কৰা হৈছিল বুলি প্ৰতিবাদকাৰী লেবৰেটৰী টেকনিচিয়ান সকলে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply