যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

গুৱাহাটী – সমগ্ৰ দেশৰ লগতে অসমতো শনিবাৰৰ পৰা আৰম্ভ হয় কভিড টীকাকৰণ অভিযান। ৰাজ্যৰ বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয় সমূহতো শনিবাৰৰ আৰম্ভ হয় কভিড টীকাকৰণ অভিযানৰ। কামৰূপ মহানগৰ জিলাত কভিড টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কামৰূপ মহানগৰ জিলাৰ ৩ খন চিকিৎসালয়ত শনিবাৰৰ পৰা আৰম্ভ হয় কভিড টীকাকৰণ অভিযান৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ লগতে সোণাপুৰ জিলা চিকিৎসালয় আৰু মাৰোৱাৰী হস্পিটালত টীকাকৰণ অভিযান আৰম্ভ কৰা হয়।

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰাৰ পিছতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পূৰ্বে ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় কভিড টীকাকৰণ অভিযানৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীৰ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা।

ৰাষ্ট্ৰীয় কভিড টীকাকৰণ অভিযানৰ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ প্ৰধান সচিব সমীৰ সিনহা, প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডা° লক্ষ্মণন এছ, কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক মুনিন্দ্ৰ নাথ নাটে, স্বাস্থ্য সঞ্চালক ৰথীন্দ্ৰ ভূঞা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ অধ্যক্ষ ডা° অচ্যুৎ কুমাৰ বৈশ্য, কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰী, কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শৰ্মিষ্ঠা বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ অধীক্ষক ডা° অভিজিৎ শৰ্মাই ও উপস্থিত থাকে৷

ৰাজ্যৰ প্ৰথম তিনিটা প্ৰতিষেধক প্ৰদান কৰা হয় বিশিষ্ট চিকিৎসক ডা° উমেশ চন্দ্ৰ শৰ্মা, ডা° ধ্ৰুৱজ্যোতি বৰা আৰু পদ্মশ্ৰী ডা° ইলিয়াছ আলিক৷ প্ৰতিটো কেন্দ্ৰত দৈনিক ১০০ জনকৈ ব্যক্তিক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ প্ৰথম পৰ্যায়ত চিকিৎসক তথা চিকিৎসাকৰ্মী, দ্বিতীয় পৰ্যায়ত আৰক্ষী তথা নিৰাপত্তাৰক্ষীকে ধৰি ফ্ৰণ্টলাইন কৰ্মী সকলক আৰু তৃতীয় পৰ্যায়ত পঞ্চাশ উৰ্ধৰ আৰু পঞ্চাশৰ তলৰ কিন্তু আন ৰোগত আক্ৰান্ত ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ’ব৷

অহা ৩ মাহৰ ভিতৰত ৩ লাখ লোকক কভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কভিড ভেকচিনৰ দুয়োটা ড’জ একেটা কোম্পানীৰ হ’ব লাগিব৷ ১৮ বছৰৰ অনুৰ্ধৰ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃক এই প্ৰতিষধক দিয়া নহ’ব৷ এলাৰ্জীৰ সমস্যা থকা লোককো কভিড ভেকচিন দিয়া নহ’ব বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

৩৪৫২ জনক আজিৰ প্ৰথম দিনটোত কৰোনা প্ৰতিষেধক দিয়া হয় | ভেকচিন লৈ ৰাজ্যৰ তিনিজন লোক কিছু অসুস্থ হয় যদিও পিছলৈ সুস্থ হৈ উভতি যায় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply