বাংলাদেশী নাগৰিকক বহিস্কাৰ Credit: ইষ্ট ম'জ'

কৰিমগঞ্জ: ভিছা জালিয়াতি কৰাৰ অপৰাধত এগৰাকী বাংলাদেশী নাগৰিকক স্বদেশলৈ প্ৰত্যাবৰ্তন কৰোৱালে অসম চৰকাৰে | বাংলাদেশীজনৰ নাম মুফতি হুছেইন মহম্মদ ছিদ্দিকি | মুফতি হুছেইনে চিকিৎসা ভিছা লৈ ভাৰতলৈ আহি ধৰ্মীয় অনুষ্ঠানত বিশেষ বক্তা হিচাপে অংশগ্ৰহন কৰিছিল | যোৱা ২ ফেব্ৰুয়াৰীতে চিকিৎসা ভিছা লৈ ভাৰতত সোমাই নামনি অসমৰ বিভিন্ন ঠাইত কেইবাটাও ওয়াজ মেহেফিলত বক্তা হিচাপে অংশগ্ৰহন কৰিছিল |

শেহতীয়াকৈ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ মানিকপাৰা গাওঁত আন এখন ওয়াজ মেহেফিলত অংশগ্ৰহন কৰাৰ সময়তে বিষয়টো পোহৰলৈ অহাত কৰিমগঞ্জ আৰক্ষীয়ে বুধবাৰে আটক কৰি বাংলাদেশী নাগৰিকজনক | সোধা পোছাৰ অন্তত তেওৰ ভাৰতলৈ অহাৰ কাৰণ আৰু তেও ভাৰতত কৰি থকা কাৰ্যকলাপ বোৰ পোহৰলৈ আহে |

যোৱা বুধবাৰে বাংলাদেশী নাগৰিকজনক আটক কৰা আৰু তেওক বাংলাদেশক গটাই দিয়া সম্পৰ্কে কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ যাদবে অবগত কৰে | ভিছা জালিয়াতি কৰি এগৰাকী বাংলাদেশী নাগৰিকক স্বদেশলৈ প্ৰত্যাবৰ্তন কৰাৰ ক্ষেত্ৰত কৰিমগঞ্জ আৰক্ষীয়ে কিয় ঘটনাটো প্ৰথমে গোপন ৰাখিবলগা হল, ইয়াৰ কাৰন অবশ্য জানিব পৰা হোৱা নাই | ভিছা জালিয়াতি কৰি বাংলাদেশী নাগৰিকজনে অসমৰ বিভিন্ন ঠাইত কেৱল ধৰ্মীয় অনুষ্ঠানত যোগদান কৰিছিল নে আন কোনো ৰহস্য আছে ইয়াৰ আঁৰত, সেই লৈ একো তথ্য সদৰি কৰা নাই আৰক্ষীয়ে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply