নিউজ ডেস্ক: বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষ্যে বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ। প্ৰতিখন স্কুল–কলেজতে সৰস্বতীৰ পূজা–অৰ্চনাৰ বাবে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ।
কৰোনা সংক্ৰমনৰ পিছত প্ৰথম বাৰৰ বাবে শিক্ষানুষ্ঠানত এনে ধৰনৰ পৰিবেশ দেখা গ’ল আজি প্ৰথমবাৰৰ বাবে |সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয়সমূহৰ চৌহদ।

সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰিছে।
সৰস্বতী পূজা বুলি ক’লে গুৱাহাটী মহানগৰীতো দেখা যায় এক জাক জমকীয়া পৰিৱেশ। নিজকে সুন্দৰকৈ সজাই তুলি সৰস্বতী পূজাৰ দিনটোত ওলাই আহিবলৈ বিচাৰে প্ৰতিগৰাকী ছাত্ৰীয়ে।

একপ্ৰকাৰ যুৱতীসকলৰ মাজত চলে এক অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতা।আজি অনুষ্ঠিত হৈ থকা সৰস্বতী পূজাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলি থকা কৰোনাক লৈ শংকাৰো ওৰ পৰে |