গুৱাহাটীঃ হঠাতে ধূলি-ধুমুহাৰে আৱৰি ধৰিলে মহানগৰী গুৱাহাটীক। দিন-দুপৰতে অন্ধকাৰ কৰি তুলিলে মহানগৰী।

গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড ধূলিৰ ধুমুহা।

ধুমুহাত ক্ষতিগ্ৰস্থ হয় বহুলোকৰে বাসগৃহ।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাহত হৈ পৰিল বিদ্যুৎ যোগান।

ঘণ্টাত ৪০ কি:মি: বেগেৰে ধুমুহা অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলত বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই ।

অনাগত ৩ দিনলৈ অসম তথা উত্তৰ-পূবত ধুমুহা-বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply