গুৱাহাটী – অসমৰ হস্ততাঁত শিল্পী সকলৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় বজাৰ উপলব্ধ কৰাৰ প্ৰয়াসেৰে ক্রেতা-বিক্রেতাৰ আলোচনা অনুষ্ঠান। মহানগৰীৰ নেডফি ভৱনত ‘অসমী’ৰ উদ্যোগত ক্রেতা-বিক্রেতাৰ আলোচনা অনুষ্ঠান। হস্ততাঁত শিল্পীক ডিজিটেল মাধ্যমেৰে বজাৰ উপলব্ধ কৰোৱাৰ ওপৰত প্ৰদান কৰা হ’ব গুৰুত্ব।
কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ চৰকাৰে দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত ব্যৱসায়-বাণিজ্যৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। লকডাউনৰ ফলত এক প্ৰকাৰ সমগ্ৰ বিশ্বৰে অৰ্থনৈতিক অৱস্থা নিম্নগামী হৈছে। অসমৰ ক্ষেত্ৰত হস্ততাঁত উদ্যাগৰ লগত জড়িত ব্যক্তি সকল বিশেষকৈ গাঁৱৰ মহিলা সকল নিজৰ উৎপাদিত সামগ্ৰীৰ বজাৰ হেৰুৱাই এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে।
কৰ’ণা প্ৰকোপ কমিবলৈ ধৰাৰ লগে লগে মানৱ জাতি স্বাভাৱিক জীৱন যাপন আৰম্ভ কৰিছে। স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পিছতে এতিয়া হস্ততাঁত শিল্পৰ লগত জড়িত ব্যক্তি সকলৰ আৰ্থিক অৱস্থা স্বাভাৱিকলৈ ঘূৰাই অনাৰ প্ৰয়াসেৰে নেডফি ভৱনত অনুষ্ঠিত কৰা হয় এক ক্রেতা-বিক্রেতাৰ আলোচনা অনুষ্ঠান। ‘অসমী’ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে হস্ততাঁত বিভাগৰ কেইবাজনো বিষয়া।
অনুষ্ঠানত অংশগ্ৰহণ কৰা লখিমপুৰ আৰু মাজুলীৰ পৰা অহা হস্ততাঁত শিল্পী সকলৰ লগত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰা অহা হস্ততাঁত সামগ্ৰীৰ ক্রেতা সকলে মত বিনিময় কৰে। অসমৰ হস্ততাঁত সামগ্ৰীৰ সমূহৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ সমাদৰ আছে যদিও অসমৰ হস্ততাঁত সামগ্ৰী সমূহ কি দৰে এই বজাৰ দখল কৰিব ইয়াৰ ওপৰত আলোচনা কৰা হয়।
ক্রেতা-বিক্রেতা অনুষ্ঠানত অংশগ্ৰহণ কৰা হস্ততাঁত শিল্পী সকলে নিজ হাতে নিৰ্মাণ কৰা বিভিন্ন ধৰণৰ সামগ্ৰীৰ সমূহ প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে অসমৰ হস্ততাঁত সমগ্রী সমূহ ডিজিটেল বজাৰৰ মাধ্যমেৰে যাতে বিশ্বৰ সকলো প্ৰান্তত উপলব্ধ কৰিব পৰা যায় ইয়াৰ বাবে ইতিমধ্যে এই সামগ্ৰী সমূহ ডিজিটেল মাধ্যমৰ বজাৰত এৰি দিয়া হৈছে।